নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ক’লা দিন ৩০ অক্টোবৰ, মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ  ২০০৮ চনৰ ৩০ অক্টোবৰত অসমক হোৱা ভয়াৱহ ধাৰাবাহিক বোমা বিস্ফোৰণৰ আজি বাৰ বছৰ অতিক্ৰম কৰিছে। এই দিনটোতে এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ দ্বাৰা গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংস্থাপন কৰা বোমা বিস্ফোৰণত ৯০ জনৰো অধিক লোকে জীৱন হেৰুৱাইছিল। আঘাতপ্ৰাপ্ত হৈছিল কেইবাজনো লোক ।

এই দিনটো অসম ইতিহাসত ক’লা দিন হিচাপে চিহ্নিত কৰা হৈছে। প্ৰতিবছৰে বোমা বিস্ফোৰণত নিহত দুৰ্ভগীয়া লোকসকলক এই দিনটোতে সোঁৱৰণ কৰে আত্মীয়-স্বজনৰ লগতে ৰাজ্যবাসীয়ে।

অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বোমা বিস্ফোৰণত মৃতকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই সমবেদনা জ্ঞাপন কৰিছে। সংবাদ মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যখনত সংঘটিত সন্ত্ৰাসবাদীৰ হিংসাত প্ৰাণ হেৰুওৱা নিৰীহ নাগৰিকসকলৰ স্মৃতিত শ্ৰদ্ধা যাচে।

You might also like