নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : নগাঁৱৰ অপৰাধ শাখাৰ এটা আৰক্ষীৰ দলে আজি বিয়লি চামগুৰি থানাৰ অন্তৰ্গত ৰঙাগড়া ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জালনোটসহ দুজন লোকক আটক কৰাৰ লগতে এখন বিলাসী গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে নগাঁও জিলাৰ অপৰাধ শাখাৰ এটা আৰক্ষীৰ দলে আজি বিয়লি এক গোপন খবৰৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত জালনোটৰ বিৰুদ্ধে অভিযান চলাই ৷ আৰক্ষীৰ দলটোৱে অভিযান চলাই পৰৱৰ্তী সময়ত ৰঙাগড়া চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এএছ ০১ ই এম ৪৮৯১ নম্বৰৰ আৰ্টিগা গাড়ী খনৰ সহ নগধ ৭৬,৫০০ টকাৰ জালনোট আৰু জালনোট তৈয়াৰ কৰা কাগজৰ ৰীম আৰু দুটা ম’বাইল ফোন জব্দ কৰাৰ লগতে চামগুৰিৰ কৰৈগুৰিৰ জেহিৰুল ইছলাম (২৫) আৰু চুৰেৱ আলি (২৬)নামৰ যুৱক দুজনক আটক কৰে ৷উল্লেখ্য যে জালনোট সৰবৰাহকাৰী দুজনে বিলাসী গাড়ী খনৰে চামগুৰি দিশৰ পৰা আমনি অঞ্চলৰ অভিমুখে গৈ থকা অৱস্থাত নগাঁও জিলাৰ অপৰাধ শাখাৰ আৰক্ষীৰ দলটোৱে এক গোপন খবৰৰ ভিত্তিত উক্ত গাড়ী খন খেদি খেদি ৰঙাগড়া অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰিছিল বুলি জানিব পৰা গৈছে ৷আনহাতে পৰৱৰ্তী সময়ত জালনোট সৰবৰাহকাৰী দুজনৰ স্বীকাৰোক্তি ভিত্তিত আৰক্ষীয়ে কৰৈগুৰি অঞ্চলৰ এখন দোকানত অভিযান চলাই দুটা লেপটপ এটা প্ৰিণ্টা ৰ জব্দ কৰে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ নগাঁও জিলাৰ অপৰাধ শাখা আৰু চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি বিয়লি আটক কৰা জালনোট সৰবৰাহকাৰী দুজনক আৰু অধিক তথ্যৰ বাবে বৰ্তমান চামগুৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা