ধুবুৰীত অভিযানঃ শহুৰেকৰ ঘৰলৈ আহি গ্রেপ্তাৰ দুই বাংলাদেশী
নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ ধুবুৰীত আৰক্ষীৰ হাতত গ্রেপ্তাৰ বাংলাদেশী নাগৰিক৷ প্রাপ্ত তথ্য মতে, কালি আৰক্ষীৰ এক অভিযানত ধুবুৰী চহৰৰ পার্শ্বৱর্তী আয়ৰণ জংলা তৃতীয় খণ্ড অঞ্চলৰ পৰা দুগৰাকী বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷
গোপন তথ্যৰ ভিত্তিত যোৱানিশা এক বজাত আৰক্ষীৰ এটা অভিযানকাৰী দলে ধুবুৰী চহৰৰ পার্শ্বৱর্তী আয়ৰণ জংলা তৃতীয় খণ্ড অঞ্চলৰ ছিদ্দিক শ্বেখৰ বাসগৃহত তালাচী চলায়৷ তালাচীৰ সময়ত বাসগৃহটোৰ পৰা দুজন বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰে আৰক্ষীয়ে৷
আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বাংলাদেশী দুজন চুবুৰীয়া ৰাষ্ট্রখনৰ কুৰিগ্রাম জিলাৰ কাঠালবাৰী অঞ্চলৰ বাসিন্দা মকবুল শ্বেখ (৪৬) আৰু বসিৰ শ্বেখ (১৮) বুলি চিনাক্ত কৰা হৈছে৷ ধৃত দুই বাংলাদেশী নাগৰিকৰ সম্বন্ধত পিতা–পুত্র বুলি জানিব পৰা গৈছে৷ বিগত ২৫/৩০ বছৰৰ পৰা ভাৰতৰ বিভিন্ন অঞ্চলত দিন–হাজিৰা কৰি ফুৰা মকবুল শ্বেখে বর্তমানে নেপালৰ এটা ইটাভাতাত কাম কৰি থকা বুলি প্রকাশ৷
জানিব পৰা মতে, প্রায় ২২ বছৰ পূর্বে মকবুল শ্বেখে আয়ৰণ জংলাৰ পৰা বিয়া কৰিছিল৷ অসুস্থ শাহুয়েকৰ খবৰ ল’বলৈ কেইদিনমান পূর্বে নেপালৰ পৰা পুত্রক লৈ শ্বেখে ধুবুৰীৰ আয়ৰণ জংলাস্থিত শহুৰেকৰ ঘৰত উপস্থিত হৈছিল৷ আৰক্ষীৰ প্রাৰম্ভিক তদন্তত এই তথ্য উন্মোচিত হৈছে৷ আৰক্ষীয়ে তেওঁলোকে বাহৰ পতা আয়ৰণ জংলা তৃতীয় খণ্ডৰ ছিদ্দিক শ্বেখৰ পৰিয়ালৰ দুগৰাকী সদস্যকো সোধা–পোছাৰ বাবে আটক কৰা বুলিও জানিব পৰা গৈছে৷