নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিডিচিএলৰ কার্যালয়ত মুখ্যমন্ত্রীৰ তদাৰকী শাখাৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ ২০১৯ বর্ষত এ পি ডি চি এলে ১,৬০০ ক্ষেত্র সহায়ক পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাক লৈ সৃষ্টি হোৱা অভিযোগৰ তদন্তত নামিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখা৷

উল্লেখ্য যে এ পি ডি চি এলৰ এই পৰীক্ষা অ’ এম আৰ শ্বীট মূল্যায়ন কৰাৰ বাবে শেহতীয়াকৈ এক বুজাবুজি চুক্তিত উপনীত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়৷ বিশ্ববিদ্যালয়খনে পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে প্রক্রিয়া আৰম্ভ কৰাৰ সময়তে কালি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই বিশ্ববিদ্যালয় কর্তৃপক্ষৰ তত্ত্বাৱধানত থকা নিযুক্তি পৰীক্ষাৰ উত্তৰবহী ৰখা স্থান তন্ন তন্নকৈ পৰীক্ষা কৰে৷

বৃহস্পতিবাৰে তদাৰকী শাখাই এই তদন্ত অব্যাহত ৰাখি এ পি ডি চি এলৰ মুখ্য কার্যালয় বিজুলী ভৱনত অভিযান চলায়৷ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত যোৱা দলটোৱে পৰীক্ষা অনুষ্ঠিত কৰা বিভিন্ন দিশসমূহ পর্যালোচনা কৰাৰ লগতে ইয়াৰ লগত জড়িত বিষয়া–কর্মচাৰীকো প্রাৰম্ভিক সোধা–পোছা কৰে৷ আনহাতে এই অভিযানৰ পাছতেই দলটোৱে পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয় কর্তৃপক্ষৰ কেইবাজনো লোকক সোধা–পোছা কৰে৷

মন কৰিবলগীয়া যে ২০১৯ বর্ষত অনুষ্ঠিত কৰা এই পৰীক্ষা স্বচ্ছভাৱে হোৱা নাছিল বুলি মুকলিকৈ এ পি ডি চি এলৰ বিৰুদ্ধে অভিযোগ তুলিছিল বিভিন্নজনে৷ পৰিণতিত এ পি ডি চি এল কর্তৃপক্ষই উক্ত নিযুক্তি পৰীক্ষাৰ বহী চোৱাৰ পৰা বিৰত ৰাখে৷ ইফালে বিষয়টোক লৈ আজি মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে ৰাজ্যপালে লাভ কৰা এক অভিযোগ–পত্রৰ ভিত্তিত মুখ্যমন্ত্রীৰ তদাৰকী শাখাই এই তদন্ত চলাইছে৷

মুখ্যমন্ত্রীয়ে ইয়াকো কয়– এ পি ডি চি এলৰ পৰীক্ষাৰ ফলাফল দিব লাগে বুলি একাংশ ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত যথেষ্ট কথা লিখিছে৷ এইবোৰ দেখি এনে লাগে যে এওঁলোকে বিচৰা ৰিজাল্ট নিশ্চিত হৈ আছে৷ ইয়াৰ দ্বাৰা সাধাৰণ লোকে ধাৰণা কৰিছে যে সেই লোকসকলৰ ফলাফল পূর্বনির্ধাৰিত হৈ আছে৷ তদন্ত মানে এয়া নহয় যে তাত কিবা ভেজাল আছে৷ ৰাজ্যপালৰ নির্দেশমর্মে তদাৰকী শাখাক প্রাথমিক দিশবোৰ চাব দিয়া হৈছে৷ হয়তো একো নোলাবও পাৰে৷ গতিকে দুই–তিনি দিনৰ ভিতৰত বিষয়টো পৰিষ্কাৰ হৈ যাব৷

You might also like