নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঢ়ৈ বছৰীয়া শিশুসহ নিহত পিতৃ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ নুমলীগড়ত বন্যহস্তীৰ আক্রমণত কৰুণ মৃত্যু ঘটিল এক আঢ়ৈ বছৰীয়া শিশুৰ লগতে পিতৃৰো৷ প্রাপ্ত তথ্য অনুসৰি নুমলীগড়ৰ ২নং বুঢ়াগোহাঁইখাতত পুৱতি নিশা বন্যহস্তীয়ে ব্যাপক সন্ত্রাস চলায়৷ পুৱতিনিশা বন্যহস্তীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এটা প্রকাণ্ড বনৰীয়া হাতীয়ে ২নং বুঢ়াগোহাঁইখাত গাঁৱত সন্ত্রাস অব্যাহত ৰাখে৷ গাঁওখনৰ বিকাশ বৈষ্ণৱ নামৰ ব্যক্তিজনৰ বাসগৃহত প্রৱেশ কৰি আক্রমণ কৰে হাতীটোৱে৷

সেই সময়ত বিকাশ বৈষ্ণৱ পত্নী আৰু কণমানি শিশুৰ সৈতে নিদ্রাৰত অৱস্থাত আছিল৷ উন্মত্ত বনৰীয়া হাতীটোৱে ঘৰৰ বেৰ ভাঙি শুঁৰেৰে শিশু সন্তান আৰু পিতৃক আক্রমণ কৰে৷ ফলত থিতাতে আঢ়ৈ বছৰীয়া শিশু জ্ঞানদীপ বৈষ্ণৱৰ কৰুণ মৃত্যু ঘটে৷ আনহাতে মুমূর্ষু অৱস্থাত বিকাশ বৈষ্ণৱক গোলাঘাট অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও কিছু সময় পাছতে চিকিৎসালয়তেই তেওঁৰ মৃত্যু হয়৷

উল্লেখ্য যে বন্যহস্তীটোৰ আক্রমণত কথমপি শোৱাপাটীৰ পৰা প্রাণ লৈ পলাবলৈ সক্ষম হয় বিকাশ বৈষ্ণৱৰ পত্নীয়ে৷ এই ঘটনা সন্দর্ভত তাৎক্ষণিকভাৱে গাঁওবাসীয়ে বকলিয়াল খণ্ড বন বিষয়াৰ কার্যালয়ত খবৰ দিয়ে যদিও ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় বন বিভাগৰ লোক৷ ফলস্বৰূপে স্থানীয় জনসাধাৰণ উত্তেজিত হৈ পৰে৷

উল্লেখ্য যে দীর্ঘদিন ধৰি এই বৃহৎ অঞ্চলটোত বন্যহস্তীয়ে উপদ্রৱ কৰি আহিছে৷ নিশা হ’লেই অঞ্চলটোত বন্যহস্তীৰ আগমনক লৈ আতংক সৃষ্টি হয়৷ হস্তী–মানৱৰ এই ধাৰাবাহিক সংঘাতৰ পাছতো বন বিভাগে কিন্তু এইপর্যন্ত কোনো বাস্তৱ পদক্ষেপ গ্রহণ নকৰা বিষয়টোৱে ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে৷

You might also like