নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটিছ দূতাবাসৰ ২ কর্মচাৰীক জেৰা অসম আৰক্ষীৰ এছআইটিৰ

🔹 গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পর্ক!

🔹 ড০ নূপুৰ বৰুৱা–অনির্বাণ গাংগুলীক শুকুৰবাৰে চলায় জেৰা

নিউজ ডেস্ক, ৮ মার্চ : কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পর্ক সন্দর্ভত তদন্ত চলাই থকা এছআইটিয়ে কালি নতুন দিল্লীৰ ব্রিটিছ দূতাবাসৰ দুজন কর্মচাৰী ক্রমে ড০ নূপুৰ বৰুৱা আৰু অনির্বাণ গাংগুলীক মাৰাথন জেৰা কৰে৷ উল্লেখ্য যে ড০ নূপুৰ বৰুৱাৰ স্বামী জেএনইউৰ অধ্যাপক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে বিষয়টো সন্দর্ভত উল্লেখ কৰিছে যে অসম আৰক্ষীৰ এছআইটিয়ে এটা গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত চলাই আছে আৰু প্রাৰম্ভিক পর্যায়তে বহু তথ্য লাভ কৰিছে৷ এই ঘটনাৰ লগত জড়িত আলী তৌকিৰ শ্বেখ নামৰ লোকজনে ভাৰতলৈ অহাৰ সময়ত বহু ব্যক্তিক ভাৰতলৈ লৈ আহিছিল৷ পাকিস্তানৰ এটর্নী জেনেৰেলৰ দৰে ব্যক্তিও ভাৰতলৈ আহি লোকচক্ষুৰ আঁতৰত থাকি সৰু সৰু হোটেলত আশ্রয় লৈছিল৷ এই গোটেই আগমনটো ২০১৮ চনলৈকে চলি আছিল৷ তৌকিৰ আলীয়ে অসমৰ বিষয় লৈও সামাজিক মাধ্যমত যথেষ্ট সৰৱ হৈছিল৷ এছআইটিয়ে চলোৱা তদন্তত আলী তৌকিৰ শ্বেখৰ সৈতে অসমীয়া লোকৰো সম্পর্কৰ তথ্য পোহৰলৈ আহিছে৷ মুখ্যমন্ত্রীয়ে পূর্বে প্রকাশ কৰা তথ্য অনুসৰিয়ে কালি এছআইটিয়ে ড০ নূপুৰ বৰুৱা আৰু অনির্বাণ গাংগুলীক জেৰা কৰে৷

You might also like