ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা থানাৰ অন্তৰ্গত বালিজান কৈৱৰ্ত গাঁৱত বলাহী জানত গা-ধুবলৈ গৈ আজি পুৱা প্ৰায় দহমান বজগত দুই কিশোৰ-কিশোৰীৰ সলিল সমাধি ঘটে।
ঘটনাৰ বিৱৰণী অনুসৰি আন দিনাৰ দৰে বালিজান কৈৱৰ্ত গাঁৱৰ আগফালে বৈ যোৱা বলাহিজানৰ বাঢ়নী পানীত গা-ধুবলৈ গৈছিল নীহাৰিকা দাস (১৩) নামৰ কিশোৰীগৰাকী অন্য লগৰীয়াৰ সৈতে।
বলাহিজানৰ ওপৰত থকা বালিজান আৰু কৰঙাক সংযোগ কৰি নিৰ্মাণ কৰা এখন বাঁহৰ দলঙৰ তলত গা-ধুই থাকোঁতেই নীহাৰিকা দ ঠাইলৈ পিছলি যায়।
তাকে দেখি লগৰীয়াবোৰে তাইক বচাবলৈ চিঞৰ-বাখৰ কৰাত কিছু আঁতৰতে গা ধুই থকা সম্পৰ্কীয় ককায়েক বিকাশ দাস আগবাঢ়ি যায় নীহাৰিকাক বচাবলৈ। কিন্তু পানী দ থকাৰ বাবে দুয়ো যথাসময়ত বামলৈ আহিবলৈ সক্ষম নোহোৱাত পানীত ডুব যায়।
পিছত ঘটনাৰ খবৰ পাই গাঁৱৰ লোকে নাও লৈ অভিযান চলাই দুয়োকে পানীৰ তলৰ পৰা উদ্ধাৰ কৰি আনি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু চিকিৎসালয়ত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি দুয়োকে চিকিৎসকে মৃত ঘোষণা কৰে।
মৃত্যু হোৱা কিশোৰটিৰ নাম আছিল বিকাশ দাস (১৬) আৰু কিশোৰীজনীৰ নাম আছিল নীহাৰিকা দাস (১৪)। নীহাৰিকা বাসুদেৱথান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত আছিল।
সোৱণশিৰী ৰাজহ চক্ৰৰ কাৰ্যবাহী দণ্ডাধীশৰ নিৰ্দেশত দুয়োৰে মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।
ডিজিটেল ডেস্ক, ২০ জুলাই