নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত কেন্দ্রীয় বৈদেশিক মন্ত্রী–জাপানৰ ৰাষ্ট্রদূত

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ দুদিনীয়া ভ্রমণসূচীৰে দেওবাৰে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী ড০ এছ জয়শংকৰ৷ তেওঁৰ সৈতে ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূত সাতোশী ছুজুকীও আহিছে৷ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত দুয়োকে আদৰণি জনায় ৰাজ্য চৰকাৰৰ উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ জানিব পাৰা মতে, সম্পূর্ণ চৰকাৰী কার্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী ড০ জয়শংকৰ আৰু ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূত ছুজুকীয়ে নিশাটো কটায় হোটেল তাজ ভিভাণ্টাত৷

আজি পুৱা কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী ড০ জয়শংকৰে নীলাচল পাহাৰত উপস্থিত হৈ মা কামাখ্যা মন্দিৰ দর্শন কৰিব৷ জাপান ইণ্টাৰনেচনেল কো–পাৰেচন এজেন্সী (জাইকা)ৰ অর্থ সাহায্যৰে গুৱাহাটীত নির্মীয়মাণ পানী যোগান আঁচনিৰ পর্যালোচনা কৰিব কেন্দ্রীয় বৈদেশিক মন্ত্রী ড০ জয়শংকৰ আৰু জাপানৰ ৰাষ্ট্রদূত ছুজুকীয়ে৷ দুয়োৱে পানী যোগান আঁচনিৰ স্থলী খাৰঘুলিলৈও যোৱাৰ কথা৷ আজি দিনটোত কেন্দ্রীয় বৈদেশিক মন্ত্রী ড০ জয়শংকৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিতব্য এক্ট ইষ্ট পলিচী সম্পর্কীয় এক অনুষ্ঠানত অংশ ল’ব৷ ইয়াৰ পাছত দুপৰীয়াৰ ভাগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রতে তেওঁ এখন সংবাদ মেল সম্বোধন কৰিব৷ বিয়লি ৫.৩০ বজাত কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী ড০ জয়শংকৰ আৰু ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূত ছুজুকীয়ে দুদিনীয়া ভ্রমণসূচী সামৰি নতুন দিল্লী অভিমুখে উভতি যাব৷

You might also like