নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষী এক বিশেষ গৌৰৱৰ অধিকাৰী

মৰিগাঁৱত গ্রন্থ উন্মোচনী সভাত কথাশিল্পী হোমেন বৰগোহাঞি

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ ৰালফ ৱালডো এমাৰচনে কৈছিল উৎসাহ অবিহনে কোনো ডাঙৰ কার্য সম্পাদন নহয়৷ সেই উৎসাহেৰে আজি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা আৰু কবিতা ৰাণী সিঙৰ দুখনকৈ গ্রন্থ প্রকাশ হৈছে৷ মৰিগাঁও নগৰৰ পবিতৰা হাট প্রেক্ষাগৃহত আজি মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা আৰু তেওঁৰ পত্নী অসম অসামৰিক সেৱাৰ বিষয়া কবিতা ৰাণী সিঙে সম্পাদনা কৰা দুখনকৈ গ্রন্থ উন্মোচন কৰি এই মন্তব্য কৰে কথাশিল্পী ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে৷ উল্লেখ্য, আজিৰ এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট বুৰঞ্জীবিদ তথা সু–সাহিত্যিক ড০ ৰাজেন শইকীয়া৷ আমন্ত্রিত অতিথিৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্রাক্তন সাধাৰণ সম্পাদক তথা সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামী৷ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক তথা সু–সাহিত্যিক ড০ নন্দ সিং বৰকলাৰ দ্বাৰা ৰচিত ‘চিৰ যুগমীয়া ঢ়ৌ’ তুলি শীর্ষক গ্রন্থখন উন্মোচন কৰি কথাশিল্পী বৰগোহাঞিয়ে কয় যে অসম আৰক্ষী এক বিশেষ গৌৰৱৰ অধিকাৰী৷ তাহানিৰ ৰায়বাহাদুৰ আনন্দ চন্দ্র আগৰৱালাৰ পৰা প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান কুলধৰ শইকীয়া আৰু বর্তমানৰ ড০ নন্দ সিং বৰকলালৈকে অসম আৰক্ষীত যথেষ্টসংখ্যক সু–সাহিত্যিকে নিজৰ সাহিত্য কর্মৰে সমাজলৈ বৰঙণি আগবঢ়াইছে৷ এয়া নিশ্চিতভাৱে আশাপ্রদ খবৰ৷

বিশিষ্ট কথাশিল্পীগৰাকীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰে৷ আজি উন্মোচনী অনুষ্ঠানত উপস্থিত থকা মৰিগাঁওবাসীৰ প্রশংসা কৰি কথাশিল্পীগৰাকীয়ে কয় যে আজিৰ পৰিৱেশে স্পষ্ট কৰে যে খুব সোনকালে মৰিগাঁও এখন বৌদ্ধিক চহৰলৈ ৰূপান্তৰ হোৱাৰ থল আছে৷ আনহাতে এই সভাতে উপস্থিত থকা বিশিষ্ট বুৰঞ্জীবিদ তথা প্রখ্যাত সাহিত্যিক ড০ ৰাজেন শইকীয়াই দেশ তথা অসমৰ সন্মুখত দোদুল্যমান হৈ থকা বিষয়কেইটিমানৰ ওপৰত আলোকপাত কৰে৷ ড০ শইকীয়াই কয় যে এখন দেশৰ দুটা নাম যে হ’ল তাতেই লুকাই আছে সংঘাতৰ মূল কাৰণ৷ ভাৰত আৰু ইণ্ডিয়া কিয় ক’ব লগা হ’ল৷ ইণ্ডিয়া এক ঔপনিৱেশিক নাম৷ ভাৰত বুলিলে এক সভ্যতা৷ ভাৰত আৰু ইণ্ডিয়াৰ সংঘাত অব্যাহত আছে আজিলৈকে৷ আমি অসমীয়া হৈ থাকিম নে ভাৰতীয় হৈ থাকিম৷ সেয়াও এক সংঘাত৷ অসমীয়া কোন আমাক সিদ্ধান্ত দিবলৈ কৈছিল কেন্দ্র চৰকাৰে অসম চুক্তিৰ সময়ত৷ কিন্তু আমি নোৱাৰিলোঁ৷ যাৰ বাবে আজিও এই বিতর্কৰ অৱসান হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আজি সংকট আহিছে আমাৰ ভাষা সংস্কৃতিৰ বিকৃত হৈছে৷ অসমীয়া মানুহে বুৰঞ্জী বিকৃত কৰাটো সহজভাৱে নলয় বুলি তেওঁ উল্লেখ কৰে৷ আনহাতে আজি এই অনুষ্ঠানৰ পূর্বে মৰিগাঁও আৰক্ষীৰ অধীক্ষকৰ কার্যলয়ত আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ প্রচেষ্টাত স্থাপন কৰা সাহিত্যৰথী পুথিভঁৰালৰ দ্বাৰ মুকলি কৰা হয়৷

You might also like