নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : 

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ভালুককান্দি অঞ্চলত আৰক্ষীয়ে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

📌 জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ দলৰ সৈতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত পাঠশালা বিহু সমিতিয়ে কি ক’লে?

মানকাচৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মানকাচৰ থানাৰ নিচেই কাষত লাগি থকা ২ নং পূৱেৰ গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ।

আৰক্ষীৰ এই অভিযানত আৰক্ষীয়ে ভালুককান্দি গাঁৱৰ কুৰপান আলীৰ পুত্ৰ য়াদ আলী (২৪) আৰু কলাবাঢ়ি গাঁৱৰ ছাহেৰ আলীৰ পুত্ৰ ছমেৰ আলী (৩৬) নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ এই অভিযানত আৰক্ষীয়ে ২ হেজাৰ য়াভা টেবলেট, ৭৩ গ্ৰাম ওজনৰ ৩ পেকেট হেৰইন, ১৮ ত হেৰইনৰ VIALS, YAMAHA বাইক এখন আৰু ২টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like