নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বিজনীত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ১০ জুনঃ চিৰাং জিলাৰ বিজনীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰা টোলগেটৰ সমীপত বিজনী আৰক্ষীয়ে অভিযান চলায়। বিজনী আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰ কুমাৰ দাসৰ নেতৃত্বত টাউন দাৰোগা পংকজ দোলেৰ সহযোগত বিজনী আৰক্ষীৰ এটা দলে দহলাপাৰা টোলগেটৰ সমিপত এটা চাহ দোকানত অভিযান চলাই ড্ৰাগছ সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা সৰবৰাহকাৰী দুজন ক্ৰমে প্ৰসেনজিৎ দাস (২৯) আৰু হৰি দাস (৫৪) বুলি জানিব পৰা গৈছে। ইয়াৰে প্ৰসেনজিৎ দাসৰ ঘৰ মানিকপুৰ থানাৰ অন্তৰ্গত পূব গোসাইগাঁৱত আৰু হৰি দাসৰ ঘৰ মানিকপুৰ থানাৰ অন্তৰ্গত ভাটিপাৰাত। দুজনৰে পৰা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেনাৰ ১৩ টা আৰু খালি কন্টেনাৰ ১৫টা জব্দ কৰে অভিযানকাৰী দলটোৱে। পিছত জব্দকৃত সামগ্ৰী সহ আটক কৰা দুজনক বিজনী থানাত লৈ আনিব অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখে আৰক্ষীয়ে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like