নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : মৰিগাঁৱৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱা নিশা লাহৰীঘাটত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত তিনিচুকীয়াত অভিযান চলাই ড্ৰাগছ সহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে ছাইকুল ইছলাম (২০) আৰু ইজাজুল ইছলাম (২০)। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা দুটা ম’বাইল ফোন আৰু ড্ৰাগছ ভৰ্তি ১০ কণ্টেইনাৰ জব্দ কৰে।

প্ৰেৰক আবুল কালাম

You might also like