🔹 থানাত এজাহাৰ দাখিল : সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী
বিশেষ বাৰ্তা, ১৩ জুলাই : ডিব্ৰুগড় জিলাৰ ডিকম নাহৰতলী গ্ৰান্ট গাঁৱত এক অঘটন সংঘটিত হয়। গেৰুৱা বস্ত্ৰ পৰিধান কৰা দুই বাবাই ডিকম নাহৰতলী গ্ৰান্ট গাঁৱৰ প্ৰদীপ বাল্মীকিৰ গৃহৰ পৰা চাৰি লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লুটি নিয়ে। এই অভিযোগ উত্থাপন কৰিছে প্ৰদীপ বাল্মীকিৰ পৰিয়ালৰ লোকে । ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰদীপ বাল্মীকিৰ পত্নীক বিভিন্ন ছলাহী কথোপকথনৰ মাজেৰে দুই বাবাই লুটি নিলে চাৰি লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ। এই ঘটনা সংঘটিত হোৱাক লৈ অঞ্চলটোত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইতিমধ্যে প্ৰদীপ বাল্মীকিৰ পৰিয়ালে চিচি টিভি ফুটেজৰ সৈতে আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰিছে। সন্ন্যাসীৰ বেশত অহা দুই বাবাৰ চিচি টিভি ফুটেজ আৰক্ষীক দিয়াৰ পিছতো বৰ্তমানলৈকে সন্ধান উলিওৱাত আৰক্ষী ব্যৰ্থ।
প্ৰেৰক বিভাস দুৱৰা