মাংগলিক অনুষ্ঠানেৰে কহিনুৰ থিয়েটাৰৰ ৪৯সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম মুকুটাস্বৰূপ নাট্যনগৰী পাঠশালাৰ কহিনুৰ থিয়েটাৰৰ ২০২৫-২৫ নাট্যবৰ্ষৰ আখৰাগৃহৰ কালি শুভাৰম্ভ কৰা হয়৷ মাংগলিক অনুষ্ঠানেৰে পাঠশালাৰ জ্যোতিনগৰস্থিত কহিনুৰ থিয়েটাৰৰ স্থায়ী আখৰাগৃহত ৪৯ সংখ্যক নাট্যবৰ্ষৰ আখৰাৰ শুভাৰম্ভ কৰে প্ৰযোজক তপন লহকৰে৷ ইয়াৰ পূৰ্বে প্ৰয়াত ৰতন লহকৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ক্ৰমে তেওঁৰ সহধৰ্মিনী জ্যোতি লহকৰ, প্ৰযোজক তপন লহকৰ সমন্বিতে শিল্পী আৰু কলাকুশলীসকলে৷ ইয়াৰ পিছতে সন্ধিয়া অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম খনিকৰ, মঞ্চৰত্ন ৰতন লহকৰৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰৰ নাট্
প্ৰেৰক কল্যাণ কলিতা