নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলাৰ লাহোৱাল থানাৰ অন্তৰ্গত নতুন বচাপথাৰ গাঁৱৰ এগৰাকী যুৱ ব্যৱসায়ীক আলফাৰ পৰিচয়েৰে ফোন কৰি নানা ভয় ভাবুকি প্ৰদান কৰা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখযোগ্য যে আলফাৰ পৰিচয়ৰে নতুন বচাপথাৰ গাঁৱৰ যুৱ ব্যৱসায়ী অৰুণ গোহাঁইলৈ 8135823581 এই নাম্বাৰত ফোন কৰি নানা ভয় ভাবুকি প্ৰদান কৰাৰ পিছতে অৰুণ গোহাঁয়ে লাহোৱাল থানাত ঘটনাটোৰ সন্দৰ্ভত প্ৰদান কৰা এজাহাৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে নিশাই ফিল’বাৰী আৰু ঢলা কপাতলিৰ পৰা ইছমাইল নাগ আৰু সঞ্জয় ৰায় নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই