নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

LMCHত সুৰক্ষা কৰ্মী চাকৰিৰ নামত ধেমাজি-লখিমপুৰত প্ৰৱঞ্চকৰ জাল

নিয়মীয়া বাৰ্তা, ২৩ মে’ : ধেমাজি আৰু লখিমপুৰ জিলা দুখনৰ কেইবাঠাইৰ পৰা হীৰকজ্যোতি  দত্ত আৰু মিতালী সোনোৱাল নামৰ  দুই প্ৰৱঞ্চকে জিলা দুখনৰ গ্ৰাম্য অঞ্চলৰ সাধাৰণ যুবক-যুৱতী সকলক মিছা প্ৰলোভনেৰে জালত পেলাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সুৰক্ষাকৰ্মী চাকৰি  নিযুক্তি দিয়াৰ  নামত লাখ লাখ টকাৰ ধন সংগ্ৰহ কৰি পিছত  চাকৰি   দিব নোৱাৰি সম্প্ৰতি  পলাতক হৈ থাকিবলগীয়া এক কেলেংকাৰী ঘটনাই জিলাখনত  চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

উল্লেখযোগ্য  যে চলিত বৰ্ষৰ মাৰ্চৰ  পৰাই উক্ত দুই প্ৰৱঞ্চকে যুৱক-যুৱতী সকলক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত খালী হৈ থকা সুৰক্ষাকৰ্মী পদত নিযুক্তি কৰাই দিম বুলি নগদ ,ফোন পে’  আৰু গুগুল পে’ৰ জৰিয়তে ১৬০০ টকাৰ  পৰা ২২০০ টকাৰ পৰ্যন্ত এফালৰ পৰা দিনে – ৰাতিয়ে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে

ইফালে ধন দিয়াৰ পিছত  তিনি-চাৰি মাহ পৰ্যন্ত চাকৰিত নিযুক্তি দিয়াৰ দূৰৰ কথা কোনো খা-খৱৰ নোপোৱাত  যুৱক-যুৱতী সকলে দুই প্ৰৱঞ্চকলৈ ফোনেৰে যোগাযোগ কৰিও উৱাদিহ  নোপোৱাত সমগ্ৰ  বিষয়টোক লৈ ব্যাপক  সন্দেহৰ সৃষ্টি হয়৷

উপায়ন্তৰ হৈ চাকৰিৰ বাবে ধন দিয়া যুৱক-যুৱতীৰ একাংশই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ  গৈ  খৱৰ লোৱাতহে ঘটনাৰ সবিশেষ পোহৰলৈ  আহে ৷ যোৱা  বৃহস্পতিবাৰে  ধেমাজি নৰোৱাথান অঞ্চলৰ চন্দ্ৰ নাথ সোনোৱালৰ নেতৃত্বত ২০জনীয়া ভুক্তভোগী যুৱক-যুৱতী দলে  ধেমাজি সদৰ থানাত গৈ এখনি  এজাহাৰ দাখিল কৰে ৷

এজাহাৰত উল্লেখ  কৰা অনুসৰি  দুই প্ৰৱঞ্চকে   প্ৰকৃততে  ধেমাজি চিলাপথাৰ মেচুপথাৰৰ  ৬জন, নৰোৱাথান লাউমুৰীৰ  ১২জন, ধেমাজি পাঁচআলিৰ ১জন, ধেমাজি নলনীপামৰ ১জন, গৰুবন্ধাৰ  ১জন, লখিমপুৰ সদৰৰ ২জন,  লখিমপুৰ বগীনদীৰ ৬জন, ধেমাজি বাটঘৰীয়াৰ ২জন, নৰোৱাথান  মিছামাৰিৰ ১৩জনৰ পৰা প্ৰৱঞ্চকদ্বয়ে ধন সংগ্ৰহ কৰে ৷

ইফালে ধেমাজি সদৰ আৰক্ষীয়ে দুই প্ৰৱঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জোৰদাৰভাৱে  তদন্ত অব্যাহত ৰাখিছে৷

প্ৰেৰক দীপেন ভিতৰুৱাল কোঁৱৰ 

You might also like