নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত দুই জুৱাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীয়ে যোৱানিশা গোপন সূত্ৰৰ পম খেদি বৰখাবল গাঁৱৰ পৰা হাতে-লোটে দুই জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰীকেইটা ক্ৰমে নজৰুল ইছলাম (৫২ ) আৰু আবেদ আলী ( ৫৫)। আৰক্ষীয়ে ধৃত জুৱাৰী দুটাৰ পৰা নগদ ৬১,০৭০ টকা, তাচপাত, মমবাতিৰ লগতে জুৱাত ব্যৱহৃত অন্যান্য সামগ্রী জব্দ কৰে। সম্প্রতি দুয়োকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like