নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : আজি হোজাইৰ চৌধুৰী বজাৰত দুখন অবৈধ ফাৰ্মাচী ছীল কৰা হয়৷ ৰাইজৰ অভিযোগৰ ভিত্তিত ফাৰ্মাচীৰ বিৰুদ্ধে ড্ৰাগ ইন্সপেক্টৰৰ অভিযানত দুখন দৰবৰ দোকান ছীল কৰাৰ লগতে আন কেইবাখনো দোকানত জাননী জাৰি কৰা হয়৷ হোজাইৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ মুকিবুল আলী আৰু ড্ৰাগ ইন্সপেক্টৰ বিপুল বিশ্বাসৰ নেতৃত্বত চলোৱা এই অভিযানত কোনোধৰণৰ অনুজ্ঞা-পত্ৰ বা নথি দেখুৱাব নোৱাৰাৰ বাবে নজৰুল ইছলামৰ ফাৰ্মাচী আৰু ৰাজেশ দাসৰ মা মেডিকেল ছীল কৰা হয় ৷ আন কেইবাখনো ফাৰ্মাচীক দিয়া হয় নোটিচ ৷ উল্লেখযোগ্য যে এই অভিযানৰ খবৰ লাভ কৰি আন আন ফাৰ্মাচীৰ গৰাকীয়ে নিজৰ বিপণী বন্ধ কৰি পলায়ন কৰে৷ ইপিনে, ফুটপাথত দৰব বিক্ৰী কৰা দুই অবৈধ ব্যৱসায়ীয়ে এই অভিযানৰ সময়ত পলায়ন কৰে৷ এনেদৰে জিলাখনৰ বিভিন্ন প্ৰান্তত এই অভিযান চলিব বুলি জানিবলৈ দিয়ে দৰব পৰিদৰ্শক বিপুল বিশ্বাসে৷
প্ৰেৰক কিশলয় দেৱ গোস্বামী