নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ শিবিৰত সদস্যক মৃত্যুদণ্ড : আনুষ্ঠানিক ঘোষণা সংগঠনৰ

বিশেষ বাৰ্তা, ৩ অক্টোবৰঃ আলফাৰ শিবিৰত দুই সদস্যক মৃত্যুদণ্ডৰে দণ্ডিত কৰা সন্দৰ্ভত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে আলপাৰ তৰফৰ পৰা। জানিব পৰা মতে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নিম্ন পৰিষদৰ প্ৰাক্তন উপ-সভাপতি ব্ৰিগেদিয়াৰ এ. জেড. শিৰোনাম অসম ওৰফে লাচিত হাজৰিকা আৰু প্ৰাক্তন পি. টি. ই. বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াই সংগঠনৰ সংবিধান আৰু নীতি-আদৰ্শক চূড়ান্তভাৱে অৱমাননা কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰে। সেই কথা আজি আনুষ্ঠানিভাৱে ঘোষণা কৰে আলফা (স্বা)-এ। উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰতে আলফাৰ শিবিৰত দুয়োকে মৃত্যুৰ দৰে চৰম শাস্তি বিহা হৈছিল যদিও আজিহে আলফাই আনুষ্ঠানিক বিবৃত্তি প্ৰকাশ কৰে। আলফা (স্বাধীন)ৰ প্ৰচাৰ সচিব কেপ্টেইন ৰুমেল অসম স্বাক্ষৰিত এক বিবৃতি অনুসৰি, ভাৰতীয় চোৰাংচোৱা বাহিনীক সহযোগ কৰা, মহিলা সৈনিকৰ দ্বাৰা সতীৰ্থক ব্লেকমেইলিং কৰা কৰি শত্ৰুপক্ষৰ ওচৰত অস্ত্ৰসহ আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰোৱা, শিবিৰৰ পৰা পলায়ন কৰা সদস্য আটক হোৱাৰ পিছত বুজনি দিয়াৰ পৰিবৰ্ত্তে বাদ-বিচাৰ নকৰাকৈ তথা বিচাৰ সদনত উপস্থিত নকৰোৱাকৈ আটক কৰা স্থানত অনুমতিবিহীনভাৱে হত্যা কৰি অসম আৰক্ষীৰ দৰে ভুৱা সংঘৰ্ষত মৃত্যু হোৱা বুলি ঊৰ্দ্ধতম কৰ্তৃপক্ষক ভুল তথ্য দি সংগঠনক বিপথে পৰিচালিত কৰা, চেতিয়া আৰু দেউৰী উপাধিৰ অসম আৰক্ষীৰ অধীক্ষক পৰ্য্যায়ৰ শীৰ্ষ বিষয়া আৰু ভাৰতীয় সেনা বিষয়াৰ দ্বাৰা প্ৰভাৱিত হৈ মৃত্যুদণ্ড প্ৰাপ্ত দুয়োগৰাকীয়ে জানি-বুজি সংগঠনৰ অস্ত্ৰ-শস্ত্ৰ, ৰেডিঅ আদি বিকল কৰি ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা, বিনা বিচাৰ তথা ঊৰ্দ্ধতম কৰ্তৃপক্ষৰ অনুমতিৰ অবিহনে সৰু সৰু কথাত সদস্য/সদস্যাসকলক নিষিদ্ধ বেত্রাঘাতৰ দৰে শাৰীৰিক উৎপীড়ন চলোৱা আৰু ভিত্তিহীন কথা শিবিৰত প্ৰচাৰ কৰা, সৈনিক সদস্যা সকলক ব্লেকমেইলিং কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা, দুয়োজনে মিলি শিবিৰত মতানৈক্য আৰু বিভেদ সৃষ্টি কৰি বাকী সদস্য/বিষয়াসকলক বশ কৰাৰ অভিসন্ধিত লিপ্ত হোৱা, সংগঠনে ব্যৱহাৰ কৰা গোপন পথসমূহৰ তথ্য শত্ৰুপক্ষক যোগান ধৰা, নতুন সদস্যক পলায়নৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে গোপন পথ আৰু অন্যান্য সুবিধা সমূহ প্ৰদান কৰা, শিবিৰৰ এক বৃহৎ দলক একত্ৰিত কৰি অস্ত্ৰ-শস্ত্ৰসহ শত্ৰুপক্ষৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ যো-জা চলোৱাকে আদি কৰি সোতৰটাকৈ অধিক গুৰুতৰ অপৰাধ সংঘটিত কৰাত ৩০ আগষ্টত এ. জেড. শিৰোনাম অসমক গ্ৰেপ্তাৰ কৰা হয়৷ পৰৱৰ্তী সময়ত উচ্চ পৰিষদৰ উপ-সভাপতি লেঃ জেঃ মাইকেল অসম, নিম্ন পৰিষদৰ সভাপতি মেঃ জেঃ নয়ন অসম আৰু নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্ৰিগেদিয়াৰ অৰুণোদয় অসম নেতৃত্বত বিচাৰ সদন আৰম্ভ হয় আৰু সেই সদনতেই অভিযুক্তই সকলো অপৰাধ নিজমুখে স্বীকাৰ কৰে লগতে বৰ্ণালী অসমো তেওঁৰ পৰিকল্পনাৰ মূল অংশীদাৰী বুলি স্বীকাৰ কৰাত যোৱা ৯ ছেপ্টেম্বৰত বৰ্ণালী অসমক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হয়৷ উক্ত জেৰা কালত অসম আৰক্ষী আৰু সেনা বাহিনীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা বৰ্ণালী অসমে নিজে স্বীকাৰ কৰি অপৰাধৰ সত্যতা প্ৰমাণিত কৰাত সংগঠনৰ বিচাৰ সদনৰ দ্বাৰা ১৮ ছেপ্টেম্বৰত মৃত্যুদণ্ডৰ নিৰ্দেশনা জাৰি কৰা হয়৷ উল্লেখ্য যে শিৰোনাম অসমে ২০১৮ চনত টাগাৰ চলমান মুখ্য কাৰ্য্যালায়তো বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হোৱাৰ বাবে এবছৰৰ সশ্ৰম শাস্তি প্ৰদান কৰি খিতাপ অৱনমন কৰা হৈছিল৷ আনহাতে প্ৰাথমিক সামৰিক প্ৰশিক্ষণৰ মাজভাগত বৰ্ণালী অসমে এক জঘন্য অপৰাধ সংঘটিত কৰিছিল৷ দুয়োৱে বিগত সময়ত কৰা অপৰাধৰ আত্মসংশোধনৰ বাবে একাধিকবাৰ সুযোগ প্ৰদান কৰা হয় যদিও পুনঃ পুনঃ সংগঠন বিৰোধী কাৰ্য্যত লিপ্ত থকাৰ বাবে সংযুক্ত মুক্তি বাহিনী, অসম সংগঠনৰ সাধাৰণ বিচাৰপীঠে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ২০ ছেপ্টেম্বৰত দুয়োকে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়৷

You might also like