ছিকিমৰ আৰ্মী কেম্পত ভূমিস্খলন-ৰ ঘটনাৰ আৰু ২টা মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক, ১০ জুন : উত্তৰ ছিকিমৰ চাটেনত থকা ভাৰতীয় সেনাৰ শিবিৰত ১ জুনত সংঘটিত হোৱা ভূমিস্খলনৰ স্থানৰ পৰা উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে এটা পুৰুষ আৰু এগৰাকী মহিলাৰ অতিৰিক্ত দুটা মৃতদেহ। মৃতদেহকেইটা এতিয়াও চিনাক্ত হোৱা নাই যদিও মহিলা মৃতদেহটো হয়তো নিৰুদ্দেশ হোৱা লেফটেনেণ্ট কৰ্ণেল প্ৰীতপাল সিং সন্ধুৰ পত্নী বা কন্যাৰ হ’ব পাৰে। উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহটো হৈছে মূৰবিহীন
লেফটেনেণ্ট কৰ্ণেল সিং, তেওঁৰ পত্নী, এজন অৱসৰপ্ৰাপ্ত স্ক্ৱাড্ৰন নেতা আৰু তেওঁলোকৰ কন্যা ৯ দিন পূৰ্বে নিৰুদ্দেশ হৈছিল যেতিয়া চাটেনত থকা সেনা শিবিৰটো এক বৃহৎ ভূমিস্খলনে উটুৱাই লৈ গৈছিল।
ইয়াৰ পূৰ্বে সেনা জোৱান চাইনুধীন পি কেৰ মৃতদেহ উদ্ধাৰ কৰি মুঠ মৃতদেহ ৩টালৈ বৃদ্ধি পাইছে।
বাকী তিনিজন নিৰুদ্দেশ হোৱা লোকৰ সন্ধান উলিয়াবলৈ অব্যাহত আছে অনুসন্ধান অভিযান। মংগনৰ আৰক্ষী অধীক্ষকে মৃতদেহ দুটা উদ্ধাৰ হোৱাটো নিশ্চিত কৰাৰ লগতে নিৰুদ্দেশ হোৱা ব্যক্তিকেইজনৰ সন্ধানত অব্যাহত থকা প্ৰচেষ্টাৰ আশ্বাস দিয়ে।