নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰ নদীৰ পাৰত সেনাৰ উদ্যোগত যোগ শিবিৰ

নিয়মীয়া বাৰ্তা, ৩১মেঃ আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কালি পুৱা ডিব্ৰুগড়ত ভাৰতীয় সেনাৰ ৫ নং মাদ্ৰাজ ৰেজিমেণ্টৰ উদ্যোগত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এক যোগ শিবিৰৰ আয়োজন কৰা হয়।ব্ৰহ্মপুত্ৰ নৈৰ ঢৌৰ শব্দৰ সৈতে মৃদুভাৱে বতাহ বলি থকা স্বচ্ছ বতাহত সেনা জোৱানৰ লগতে এন চি চিৰ কেডাৰ আৰু ভালেসংখ্যক সাধাৰণ জনতাই অংশ গ্ৰহণ কৰে।  ডিব্ৰু মহাবিদ্যালয়ৰ শিক্ষক তথা যোগ প্ৰশিক্ষক সোহনলাল যাদৱে শিবিৰত উপস্থিত থকা লোকসকলক অনুশীলন কৰায়।যোগ প্ৰশিক্ষক সোহনলাল যাদৱেও শিবিৰত আকুপ্ৰেচাৰৰ প্ৰসংগত বহু কথাই মানুহক সজাগ কৰি তোলে।
ডিব্ৰু মহাবিদ্যালয়ৰ শিক্ষক তথা যোগ প্ৰশিক্ষক সোহনলাল যাদৱে যোগ শিবিৰৰ আয়োজন কৰি ৫ নং ৰেজিমেণ্ট অৱ আৰ্মীৰ চি অ’ কৰ্ণেল ৰঞ্জিত যাদৱক ধন্যবাদ জ্ঞাপন কৰি সাধাৰণ জনতাক যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে আজি বিশ্বই যোগাসন গ্ৰহণ কৰিছে বুলিও মত পোষণ কৰে।
You might also like