নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ নার্ছিং হোমত কর্মৰত দুই মুন্নাভাই ডাক্তৰক গ্রেপ্তাৰ

এমবিবিএছ ডিগ্রীৰ ভুৱা প্রমাণ–পত্রৰে চাকৰি

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ এম বি বি এছ ডিগ্রীৰ ভুৱা প্রমাণ–পত্র দাখিল কৰি ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসা প্রদান কৰি থকা দুজন মুন্নাভাই ৰূপী চিকিৎসকক মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰিছে৷ ভুৱা চিকিৎসক দুজন ডাঃ হূষীকেশ ভূঞা আৰু ডাঃ মনোৰঞ্জন ৰয়৷ ক্রাইম ব্রাঞ্চে অভিযান চলাই মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ পাটৰকুছিৰ বাসগৃহৰ পৰা ডাঃ হূষীকেশ ভূঞা (২৫) আৰু ছয়মাইলৰ বাঘৰবড়ীৰ ভাৰাঘৰৰ পৰা ডাঃ মনোৰঞ্জন ৰয়ক গ্রেপ্তাৰ কৰে৷

ক্রাইম ব্রাঞ্চৰ সূত্রই জনোৱা মতে, হোমি’পেথিক চিকিৎসক হূষীকেশ ভূঞা আৰু মনোৰঞ্জন ৰয়ে শ্রীমন্ত শংকৰদেৱ ইউনিভার্ছিটী অৱ হেলথ ছায়েঞ্চৰ পৰা এম বি বি এছ ডিগ্রী লাভ কৰা দেখুৱাই ভুৱা প্রমাণ–পত্র দাখিল কৰি মহানগৰীৰ একাংশ ব্যক্তিগত নার্ছিং হোমত এলোপেথিক চিকিৎসা সেৱা আগবঢ়াই আহিছিল৷

এই কথা জানিব পাৰি শ্রীমন্ত শংকৰদেৱ ইউনিভার্ছিটী অৱ হেলথ ছায়েঞ্চৰ ভাৰপ্রাপ্ত পঞ্জীয়ক ডাঃ সুজিত বর্ধনে মহানগৰীৰ ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰে৷ ইয়াৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪৬৮/৪৭১ ধাৰাত ২০১/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷

যোৱা ১৯ এপ্রিলত ৰুজু কৰা এই গোচৰটো পিছত ভঙাগড় থানাৰ পৰা ক্রাইম ব্রাঞ্চলৈ স্থানান্তৰ কৰে৷ ইয়াৰ পিছতে ক্রাইম ব্রাঞ্চৰ দলে যোৱানিশা ভুৱা এলোপেথিক চিকিৎসক দুজনক গ্রেপ্তাৰ কৰে৷ মুন্নাভাই ৰূপী চিকিৎসক দুজন বর্তমান ক্রাইম ব্রাঞ্চৰ জিম্মাত আছে৷

You might also like