নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত বাল্য বিবাহত জড়িত দুই পঞ্চায়ত সদস্যাৰ পদ খাৰিজ

🔹 জিলা আয়ুক্তই জাৰি কৰিলে নিৰ্দেশনা

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৪ জুলাই : লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুমকুৰা গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা গুল মেহেৰা খাতুন আৰু ৯নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা এলিজা বেগমৰ সদস্যা পদ খাৰিজ কৰা হৈছে। মৰিগাঁও জিলা আয়ুক্তই MDP(PRI)14/2025/115 নম্বৰ নিৰ্দেশযোগে দুয়োগৰাকী সদস্যাৰ পদ খাৰিজ কৰিছে। মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ আৰু লাহৰীঘাট সম-জিলাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰমোদ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিত জিলা আয়ুক্তই প্ৰদান কৰে এই নিৰ্দেশনা।

উল্লেখ্য যে ধুমকুৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ আৰু সভাপতি, উপ-সভাপতি নিৰ্বাচনৰ পূৰ্বে দুইগৰাকী সদস্যাৰ পদ খাৰিজ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। ১০ জুলাইত দিনৰ ১১ বজাত লাহৰীঘাট সম-জিলা কাৰ্যালয়ত ধুমকুৰা পঞ্চায়তৰ বাকী থকা ৮গৰাকী সদস্য-সদস্যাৰ মাজৰ পৰা নিৰ্বাচিত কৰা হ’ব সভাপতি আৰু উপ সভাপতি। আজি ধূমকুৰা গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ আৰু সভাপতি আৰু উপ-সভাপতি নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছিল যদিও জিলা প্ৰশাসনে শপত গ্ৰহণ কাৰ্যসূচী বাতিল কৰি ১০ জুলাইত অনুষ্ঠিত হ’ব বুলি নিৰ্দেশ জাৰি কৰে।

You might also like