নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালৰ বকুল পলিটেকনিকত পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চল বকুল পলিটেকনিকত আজি আবেলি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ভয়ংকৰ এই পথ দুৰ্ঘটনাত দুজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আকাশদীপ বৰুৱা নামৰ আন এজন ছাত্ৰক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে। এএছ-২৩ এ ই-৩৪৭৪ নম্বৰৰ এখন তীব্ৰবেগী KTM বাইকত তিনি সতীৰ্থসহ বকুল আঠাবাৰী দিশৰ পৰা পলিটেকনিক দিশেৰে আহি থকা অৱস্থাত এটা পথচাৰী সংকেত খুঁটাত মুখামুখি খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীসকলৰ ভাষ্য অনুসৰি জানিব পৰা গৈছে। নিহত দুই ছাত্ৰৰ নাম অভিজিত বৰুৱা আৰু ৰিদীপ চেতিয়া বুলি জানিব পৰা গৈছে ৷ নিহত দুই ছাত্ৰ লাহোৱাল মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল।

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like