নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত গঁড়ৰ আক্ৰমণত দুজন গুৰুতৰভাৱে আহত

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত পাভকাটি চাপৰিত গঁড়ৰ আক্ৰমণত আহত হয় দুজনকৈ লোক। পাভকাটি চাপৰিত পুৱা ৬ বজাত ঘৰৰ পৰা ঘাঁহ কাটিবলৈ ওলাই যাওঁতেই গঁড়ৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি দৌৰি পলাব বিচাৰোঁতে গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। আহত লোক দুজন ক্ৰমে নুৰ মহম্মদ (৩০) আৰু আনাৰুল ইছলাম (২২) । পৰৱৰ্তী সময়ত লোক দুজনক ভূৰাগাঁও চিকিৎসালয়লৈ আনে যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে, পাভকাটি চাপৰিত গঁড়ৰ সন্ত্ৰাস চলোৱাৰ খবৰ পাই স্থানীয় প্ৰশাসন, জিলা বন বিভাগৰ লোক আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ লোক পাভকাটি চাপৰিত উপস্থিত হয়। বন বিভাগৰ লোকে উপস্থিত হৈ গঁড় খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত গঁড়টোৱে চাপৰিতেই অৱস্থান কৰি আছে। গঁড়ৰ সন্ত্ৰাসত চাপৰিৰ লোকসকল আতংকিত হৈ আছে।

 

প্ৰেৰক আবুল কালাম

You might also like