নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ জয়পুৰত ধুবুৰী আৰক্ষীৰ সফল অভিযান

🔹 উদ্ধাৰ ধুবুৰীৰ নাবালিকা ছাত্ৰী : কৰায়ত্ত প্ৰেমিকৰূপী বহিঃৰাজ্যৰ যুৱক

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ : সুদূৰ ৰাজস্থানৰ জয়পুৰত আৰক্ষীৰ এক সফল অভিযানত  ধুবুৰীৰ এগৰাকী নাবালিকা ছাত্ৰী উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ বহিঃৰাজ্যৰ যুৱক এজনো কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, নৱম শ্ৰেণীত অধ্যয়ৰত কন্যা পুৱা ৮ মান বজাত বিদ্যালয়লৈ যোৱাৰ পিছত সন্ধানহীন হোৱা বুলি বিগত ৯ নৱেম্বৰৰ দিনা ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল কিশোৰীগৰাকীৰ মাতৃয়ে। মাতৃৰ সেই গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে। অৱশেষত সুদূৰ ৰাজস্থানৰ জয়পুৰৰ পৰা ধুবুৰী আৰক্ষীৰ এটি দলে উদ্ধাৰ কৰে নাবালিকাগৰাকীক। লগতে কৰায়ত্ত কৰে কিশোৰীগৰাকীৰ প্ৰেমিকৰূপী জয়চোৱাল নামৰ যুৱক এজনকো। আজি কিশোৰীগৰাকী আৰু ধৃত যুৱকজনক লৈ জয়পুৰৰ পৰা ধুবুৰীলৈ উভতি আহিছে আৰক্ষীৰ দলটো। জানিব পৰা মতে, কিশোৰীগৰাকীয়ে ইনষ্টাগ্ৰামত চিনাকি হৈছিল যুৱকজনৰে। যুৱকজনৰ ঘৰ উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাত বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like