নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ লক্ষীপুৰত পেট্ৰল পাম্পৰ দুই কৰ্মীক অপহৰণ অস্ত্ৰধাৰী দলৰ

নিয়মীয়া বাৰ্তা, ২৭ মে’ : যোৱানিশা কাছাৰৰ লক্ষীপুৰত পেট্ৰল পাম্পৰ দুই কৰ্মীক অপহৰণ কৰে অস্ত্ৰধাৰী দলে৷ বিন্নাকান্দি পেট্ৰল পাম্পৰ পৰা অপহৰণ কৰে দুই কৰ্মীক ৷ অৱশ্যে পুৱতি নিশা সোণাবাড়ী ঘাট বাইপাছৰ দাঁতিৰ পৰা উদ্ধাৰ কৰা হয় দুই কৰ্মীক ৷ অস্ত্ৰধাৰী দলে দুয়োকে ব্যাপক মাৰপিট কৰে ৷ ঘটনাৰ লৈ ৰহস্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । নিশা ছয়জনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে কাছাৰৰ লক্ষীপুৰৰ বিন্নাকান্দি ইন্ডিয়ান ওৱেলৰ পেট্ৰল পাম্পত প্ৰৱেশ কৰি নৈশ চকীদাৰ অজিত আলীসহ আন এগৰাকী কৰ্মী বিশাল চাষাক অস্ত্ৰ দেখুৱাই অপহৰণ কৰি লৈ যায় ৷ অভিযোগ কৰা মতে এখন চাৰিচকীয়া বাহনত তুলি দুই কৰ্মীক লৈ যায় ৷ তাৰ আগতে পেট্ৰল পাম্পৰ ভিতৰত প্ৰৱেশ কৰি টকা বিচাৰি তচনচ কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ কিন্তু পাম্পত টকা নাপাই দুই কৰ্মীক গাড়ীত তুলি লৈ যায় দলটোৱে ৷ পুৱতি নিশা সোণাবাড়ী ঘাটৰ বাইপাছত দুয়োকে এৰি পলায়ন কৰে দলটোৱে ৷ বাহনৰ ভিতৰত দুই কৰ্মীক ব্যাপক মাৰপিট কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ পুৱতি নিশা সোণবাড়ী ঘাট বাইপাছৰ পথৰ দাঁতিত বিশাল আৰু অজিতক পেলাই থৈ যায় দুৰ্বৃত্তৰ দলটোৱে ৷ ইপিনে, এই সমগ্ৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । প্ৰকৃততে এয়া অপহৰণ নে আন কিবা, ইয়াক লৈ সৃষ্টি হৈছে প্ৰশ্ন । সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। অপহৃত দুই কৰ্মীক লগত লৈ আৰক্ষীৰ তদন্ত অব্যাহত  আছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like