বাৰ্তা ব্যুৰ, ১৫ নৱেম্বৰঃ গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত বগুৱানত যোৱা নিশা সংঘটিত এক পথ দুৰ্ঘটনাত ২জন ছাত্ৰ নিহত হোৱাৰ লগতে আন এজন ছাত্ৰ আহত হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। নিহত দুগৰাকী ছৰিফুল ইছলাম (১৫) আৰু আকতাৰ হুছেইন (১৪) বুলি জানিবপৰা গৈছে৷ আহত আশ্ৰাফুল ইছলাম (১৪) সংকটজনক অৱস্থাত চিকাৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। নিশা তিনিওৱে বগুৱানৰ গাঁৱৰ পথৰে তীব্ৰ গতিত বাইক চলাই আহি থাকোঁতে পথৰ দাতিত থকা বিদ্যুতৰ খুটাত খুন্দা খাই সংঘটিত হয় এই দুৰ্ঘটনা ৷ ফলত থিতাতে দুগৰাকী ছাত্ৰ নিহত হয়। ইয়াৰে ছৰিফুল ইছলাম দশম শ্ৰেণীৰ আৰু আকতাৰ হুছেইন নৱম শ্ৰেণীৰ ছাত্ৰ হোৱাৰ বিপৰীতে আহত আশ্ৰাফুল ইছলামো নৱম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। আহত আশ্ৰাফুল ইছলাম (১৪) গোৱালপাৰা চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকাৎসাধীন হৈ আছে । জানিবপৰা মতে যোৱা নিশা ৯-৩০ মান বজাত ছাত্ৰকেইজনে পশ্চিম গোৱালপাৰাৰ বগুৱানৰ পেস্কাৰপাৰা গাঁৱৰ পথৰে এএছ ১৮ জে ১৬০০ পালচাৰ মটৰ চাইকেৰে তীব্ৰ বেগে বগুৱান থানাৰ অন্তৰ্গত চিটামাৰী গাঁওৰ নিজ ঘৰ অভিমুখে আহি আছিল। তিনিও জন কিশোৰে একেখন পালচাৰ মটৰ চাইকেলত উঠি আহিছিল বুলি জানিব পৰা গৈছে। সেই সময়তেই বগুৱানৰ পেস্কাৰপাৰা গাঁও পোৱাৰ লগে লগে তীব্ৰ বেগী মটৰ চাইকেল নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুটাত প্ৰচণ্ড ভাবে খুন্দা মাৰে । ফলস্বৰূপে উল্লিখিত কিশোৰ দুজনৰ মৃত্যু হয় আৰু আন কিশোৰজন অৰ্থাৎ আশ্ৰাফুল ইছলাম কথমপি ৰক্ষা পৰে যদিও সংকটজনক অৱস্থাত গোৱালপাৰাৰ চিকিৎসায়ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। সম্প্ৰতি তিনিওটা পৰিয়ালতে কান্দোনৰ ৰোল উঠিছে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা