নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত ধুবুৰীৰ ছাগলীয়াত সন্ত্ৰাস সৃষ্টিকাৰী দুই গভাইত চোৰ

আজি ধুবুৰী জিলাৰ আগমনিৰ সমীপৰ ছাগলীয়াত দুটাকৈ গভাইত চোৰক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়া, কৈমাৰীকে ধৰি কেইবাখনো গাঁৱত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল আনাৰুল সেখ আৰু খলিল সেখ নামৰ চোৰ দুটাই।

জানিব পৰা মতে, যোৱানিশা কৈমাৰী তৃতীয় খণ্ড গাঁৱৰ অৰুণ ৰায়ৰ গৃহৰ পৰা গৰু চুৰি কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰিছিল আনাৰুল শেখ নামৰ চোৰটো। নিশা উত্তম-মধ্যম দি আনাৰুলক ছাগলীয়া আৰক্ষীক গতাই দি এখন এজাহাৰো দাখিল কৰে ৰায়ে। আৰক্ষীৰ তদন্ত আৰম্ভ হোৱাৰ পূৰ্বেই ৰাইজে নিজাববীয়াকৈ তদন্ত চলাই আনাৰুলক আন এগৰাকী সহযোগী খলিল সেখসহ কৈমাৰী দ্বিতীয় খণ্ডৰ পৰা কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৬ জানুৱাৰী :

You might also like