নিয়মীয়া বাৰ্তা, ২৬ জুলাই: ইলন মাস্কে টুইটাৰ আৰু চৰাইৰ ল’গ’ৰ নাম সলনি কৰি ‘X’ কৰাৰ পাছতে বজালীৰ দুই যুৱকে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই ময়ূৰৰ ল’গ’ৰ সৈতে অনুৰূপ ধৰণে এটা ছ’চিয়েল মিডিয়া চাইট প্ৰস্তুত কৰি নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ বজালী সদৰ পাঠশালাৰ নিৱাসী শশাংক তালুকদাৰ আৰু পৰশ দাস নামৰ যুৱকদ্বয়ে এই চাইটটো টুইটাৰৰ বিকল্প এপ হিচাপে প্ৰস্তুত কৰিছে৷ সংবাদ মাধ্যমৰ সতে হোৱা এক সাক্ষাৎকাৰত যুৱকদ্বয়ে কয় যে এই এপটোত মানুহে টুইটাৰ, ফেচবুক আদিৰ লেখিয়াকৈ ষ্টেটাছ, ফটো আৰু ভিডিঅ’ আপলোড কৰিব পাৰিব আৰু আন ছ’চিয়েল মিডিয়া এপসমূহৰ দৰে বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰো কৰিব পাৰিব৷ আই অ’ এছ আৰু এণ্ড্ৰইড ফোনত উপলব্ধ এই এপটো ব্যৱহাৰ কৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে ভাল পাব বুলি যুৱকদ্বয়ে ব্যক্ত কৰিছে৷ আনহাতে এপটোৰ নামৰ বিষয়ে সোধাত তেওঁসোকে কয়, “আজি আমি প্ৰকল্পটোৰ নাম ফাদিল কৰিব পৰা নাই। কিছু আৰ্থিক সমস্যাৰ বাবে আমি আমাৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই কাৰণ আমাৰ কনচেপ্ট আৰু ডিজাইন আন ছ’চিয়েল মিডিয়া এপতকৈ সম্পূৰ্ণ বেলেগ। আমি বহুলভাৱে ব্যৱহৃত টুইটাৰ (যিটো এতিয়া ‘এক্স’ নামেৰে পৰিচিত), ফেচবুক আৰু ইনষ্টাগ্ৰামৰ বিকল্প হিচাপে আমাৰ এপটো সাজু কৰি এই প্ৰকল্পৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম।”
প্ৰেৰক কল্যাণ কলিতা