নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলং-ডিমা হাছাওৰ বড়োক পাহাৰীয়া জনজাতিৰ মৰ্যাদাৰ দাবী ইউবিপিঅ’ৰ

✅বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদলৈ শকত পুঁজি আবন্টনৰ দাবী

✅লোকসভা নিৰ্বাচনৰ পূৰ্বে বিটিআৰ চুক্তিৰ আধাৰত বিকেডব্লিউচিৰ গাঁও চিনাক্তকৰণৰ আহ্বান

✅ইউবিপিঅ’ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সংবাদ মেল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.১ দফাৰ অধীনত গঠন হোৱা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদলৈ শকত পুঁজি আৱন্টন দিয়াৰ দাবী জনাইছে সংযুক্ত বড়ো গণ মঞ্চ (ইউবিপিঅ)ৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে। South guwahati primary bodo sahitya sabha roti swargiary bhawantত সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৰ সভাপতি প্ৰদীপ বসুমতাৰী আৰু সাধাৰণ সম্পাদক চনি বড়োৱে কয়, দীঘলীয়া আন্দোলনৰ ফলশ্ৰুতিত ২০২০ চনৰ ২৭ জানুৱাৰীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এনডিএফবিৰ চাৰিটা গোট, ইউবিপিঅ আৰু এবছুৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত গঠন হোৱা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাওঁ চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে বিকেডব্লিউচিলৈ শকত পুঁজি আৱন্টন দিবলৈ চৰকাৰক দাবী জনায়। আগন্তুক লোকসভা নিৰ্বাচনৰ বড়ো কছাৰী স্বায়ত্তাশাসিত কাউন্সিলৰ বিষয়ক চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰ দাবী জনাই উপৰোক্ত দাবী তথা বিষয়ৰ ওপৰত ১২ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে অসম বিধানসভাৰ অধ্যক্ষৰ সভাগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ইউবিপিঅৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয় যদিও আজিলৈকে কোনো কাৰ্য্যকৰী নকৰা বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰে ইউবিপিঅৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে । আনহাতে পুনৰ ২৯ নৱেম্বৰ, ২০২৩ তাৰিখে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে ইউবিপিঅৰ এখন বৈঠক অনুষ্ঠিত বৈঠকত বিকেডব্লিউএচিৰ সম্পৰ্কীয় বিষয়সমূহ ১৫ ডিচেম্বৰ, ২০২৩ তাৰিখৰ ভিতৰত সমাধানৰ আশ্বাস প্ৰদান কৰে যদিও বিষয়টোৰ বাস্তৱসন্মত পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। বিকেডব্লিউএচিৰ বিষয়সমূহ আশু সমাধানৰ বাবে চৰকাৰে লেহেমীয়া ভূমিকা গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে আৰু ইয়াৰ সময়নিৰ্ধাৰিত পদক্ষেপ লবলৈ দাবী জনাই বিটিচি আৰু বিটিআৰ চুক্তিত উল্লেখ থকা অনুসৰি আজিলৈকে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা দেখা নগ’ল আৰু চৰকাৰক বিষয়টো কাৰ্য্যকৰী কৰিবলৈ দাবী জনোৱাৰ লগতে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ বড়ো গাওঁ সমূহ বিটিআৰ অথবা বিকেডব্লিউএচিত অন্তৰ্ভুক্ত কৰা ক্ষেত্ৰত ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰৰ হস্তক্ষেপ দাবী জনায়। সংবাদ মেলত কৰা দাবী অনুসৰি, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদলৈ শকত পুঁজি আবন্টন দিয়া, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাঁও চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰা,৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে উক্ত বিষয়ৰ চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰ দাবী জনোৱা হয়, উপৰোক্ত দাবী তথা বিষয়ৰ ওপৰত ১২ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে অসম বিধানসভাৰ অধ্যক্ষৰ সভাগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ইউবিপিঅৰ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়,উপৰোক্ত বিষয়ৰ ওপৰত পুনৰ ২৯ নৱেম্বৰ, ২০২৩ তাৰিখে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে ইউবিপিঅ, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, ৰাভা যৌথ সংগ্ৰাম সমিতি, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ লগত এখন বৈঠক অনুষ্ঠিত হয় আৰু উক্ত বৈঠকত বিকেডব্লিউএচিৰ সম্পৰ্কীয় বিষয়সমূহ ১৫ ডিচেম্বৰ, ২০২৩ তাৰিখৰ ভিতৰত সমাধানৰ আশ্বাস প্ৰদান কৰে, উপৰোক্ত বিষয়সমূহৰ আশু সমাধানৰ বাবে চৰকাৰে লেহেমীয়া কৰি থকা পৰিলক্ষিত হৈছে, বিটিচি আৰু বিটিআৰ চুক্তি অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত বসবাস কৰা বড়ো সকলক পাহাৰীয়া জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা দেখা নগ’ল আৰু বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ বড়ো গাঁওসমূহ বিটিআৰ অথবা বিকেডব্লিউএচিত অন্তৰ্ভুক্ত কৰা বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰা হয়।

You might also like