নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংহত বিৰোধী অভিযানৰ বাবে তৎপৰ নীতিশ : উদ্ধৱ ঠাকৰে-শাৰদ পাৱাৰক সাক্ষাৎ

বিশেষ বাৰ্তা, ১১ মেঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী দলক একত্ৰিত কৰিবলৈ চেষ্টা কৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি শাৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে। তেওঁৰ সৈতে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱো উপস্থিত থাকে। মহাৰাষ্ট্ৰৰ প্ৰবীণ নেতাসকলক সাক্ষাৎ কৰাৰ পিছত নীতিশ কুমাৰে বিজেপিৰ বিৰুদ্ধে অধিকসংখ্যক বিৰোধী দলৰ ঐক্যবদ্ধতাৰ আহ্বান জনাইছে। সেই অনুসৰি আজি মুম্বাইত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে প্ৰথম শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে। এই বৈঠকৰ অন্তত দুয়োজন নেতাই যৌথ সংবাদমেল অনুষ্ঠিত কৰে। শিৱসেনাৰ (শিন্দে ফৈদ) ১৬গৰাকী বিধায়কক অযোগ্য ঘোষণা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায়দান দিয়াৰ সময়ত এই বৈঠক অনুষ্ঠিত হয়। য’ত আদালতে উদ্ধৱক সকাহ দিবলৈ অস্বীকাৰ কৰি পূৰ্বৰ পদটো পুনৰ ঘূৰাই আনিবলৈ অস্বীকাৰ কৰি কয় যে উদ্ধৱ থাকৰে ফ্ল’ৰ টেষ্টৰ সন্মুখীন হোৱা নাই আৰু ইতিমধ্যে পদত্যাগ কৰিছে। আদালতে বিষয়টো ৭জন ন্যায়াধীশৰ বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰে। উদ্ধৱ থাকৰে কয় যে এই দেশত গণতন্ত্ৰ ৰক্ষা কৰাটো আমাৰ কাম। উচ্চতম ন্যায়ালয়ে কয় যে মই যদি পদত্যাগ নকৰিলোহেঁতেন তেন্তে হয়তো মই পুনৰ মুখ্যমন্ত্ৰী হ’লোহেঁতেন। মই মোৰ বাবে যুঁজ দিয়া নাই, মোৰ যুঁজ ৰাইজৰ বাবে, দেশৰ বাবে। ৰাজনীতিত মতানৈক্য আছে যদিও এই দেশক বচাব লাগিব বুলি আমাৰ এটা মতামত আছে। যদি মুখ্যমন্ত্রী শিন্দে আৰু উপ-মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাভিছৰ কিবা নৈতিকতা আছে, তেন্তে মই পদত্যাগ কৰাৰ দৰে তেওঁলোকেও পদত্যাগ কৰা উচিত৷ থাকৰেক লগ পোৱাৰ পিছত নীতিশ কুমাৰে কয় যে আমি বিচাৰো যে সমগ্ৰ দেশতে অধিকতকৈ অধিক দল একত্ৰিত হওক, একেলগে আমি সকলোৱে যুঁজ দিম। আজি যিসকলে কেন্দ্ৰত আছে তেওঁলোকে দেশৰ বাবে কোনো কাম কৰা নাই, গতিকে আমি সকলোৱে মিলি দেশৰ স্বাৰ্থত যুঁজ দিম। এতিয়া সকলোৰে সভা কেতিয়া হ’ব সেইটো নিৰ্ণয় কৰা হ’ব। নীতিশ কুমাৰে কয় যে যেতিয়া সকলোৱে একেলগে যুঁজিব তেতিয়া বিজেপিৰ লগত প্ৰতিযোগিতা হ’ব। বিৰোধী দলসমূহে ভাল সফলতা লাভ কৰিব আৰু দেশ সঠিক দিশত আগবাঢ়িব। আমাৰ লক্ষ্য মাথোঁ এটা – দেশৰ স্বাৰ্থত কাম কৰা। কোনো বিবাদ হ’ব নালাগে আৰু সকলোৱে একত্ৰিত হৈ থাকিব লাগে। উদ্ধৱ থাকৰেক লগ পোৱাৰ পিছত নীতিশ কুমাৰ আৰু তেজস্বী যাদৱে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাৎ কৰিবলৈ ছিলভাৰ অকত উপস্থিত হয়। য’ত শৰদ পাৱাৰৰ কন্যা তথা এন চি পিৰ সাংসদ সুপ্ৰিয়া ছুলেই আদৰণি জনায়। শাৰদ পাৱাৰ বিৰোধী মিত্ৰজোঁটৰ মূল মুখ হ’ব নেকি বুলি সোধাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে ইয়াতকৈ সন্তোষজনক একো হ’ব নোৱাৰে। মই তেওঁক কৈছো যে তেওঁ কেৱল নিজৰ দলৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবেও কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই সন্দৰ্ভত শাৰদ পাৱাৰে কয় যে এতিয়া আমি একেলগে কাম কৰিব লাগিব, মুখৰ সিদ্ধান্ত পিছত লোৱা হ’ব। নীতিশ কুমাৰে কয় যে বিজেপিয়ে দেশত যি কৰিছে সেয়া দেশৰ স্বাৰ্থত নহয়, গতিকে আমি বিচাৰো সকলো বিৰোধী দল একেলগে হওক, ইয়াৰ বাবে আমি আজি আলোচনা কৰিলোঁ আৰু সকলো দল, সকলোৰে সৈতে আলোচনা হৈছে মান্তি হৈছে আমি সকলোৱে একেলগে বহি এটা সিদ্ধান্ত লম। আজি বহুত ভাল আলোচনা হৈছিল আৰু এতিয়া সকলো দেশৰ স্বাৰ্থত হ’বলৈ গৈ আছে। এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে কয় যে আজি আমাৰ এখন ভাল বৈঠক হৈছিল। আজি দেশৰ পৰিবেশ দেখাৰ পাছত আমি একত্ৰিত হৈ দেশৰ গণতন্ত্ৰ বচাব লাগিব আৰু আমি ইয়াক সমৰ্থন কৰোঁ। তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ সৈতে বিচ্ছেদ হোৱা নীতিশ কুমাৰে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ ‘সংহত বিৰোধী’ অভিযানৰ অংশ হিচাপে বিভিন্ন বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰি আছে। মঙলবাৰে ভুৱনেশ্বৰত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক সাক্ষাৎ কৰে।

You might also like