নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীলৈ নলবাৰী বৈভৱ বঁটা

নিয়মীয়া বাৰ্তা ১১ মে’ : বৃহত্তৰ উত্তৰ পশ্চিম নলবাৰীৰ ৰূপালী জয়ন্তী বৰ্ষৰ বসন্ত উৎসৱত বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীক প্ৰদান কৰা হ’ব ‘নলবাৰী বৈভৱ বঁটা’৷ বসন্ত উৎসৱৰ তৃতীয় দিনা ১৪ মে’ৰ সন্ধিয়া শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব৷বিহু উদযাপন সমিতিৰ সভাপতি প্ৰমোদ তালুকদাৰ, কাৰ্যকৰী সভাপতি নগেন হালৈ আৰু মুখ্য সম্পাদক গকুল মহন্তই জানিব দিয়া মতে সৰিয়হতলীৰ বালভৱন বিদ্যাপীঠ হাইস্কুল খেলপথাৰত বৃহত্তৰ উত্তৰ পশ্চিম নলবাৰী বসন্ত উৎসৱ-২০২৩ উদযাপনৰ বিশাল আয়োজন চলিছে৷ ১৪ মে’ৰ আবেলি পাঁচ বজাত বাৰ্ষিক আলোচনী ‘বসন্ত’ উন্মোচন কৰিব নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ সঞ্চালক গণেশ তামুলীয়ে৷ উন্মোচনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কবি-সাহিত্যিক নৱৰত্ন পাটোৱাৰী, মহকুমা স্বাস্থ্য বিষয়া ডাঃ কৈলাস ডেকা, বিশিষ্ট চিকিৎসক ডাঃ নয়নজ্যোতি দাস, সদৌ অসম কৰ্মচাৰী কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক পংকজ বৰ্মন,বিশিষ্ট নাট্যকাৰ শ্যামসুন্দৰ জালান উপস্থিত থাকিব৷ সন্ধিয়া ছয় বজাত বৃহত্তৰ উত্তৰ পশ্চিম নলবাৰী বসন্ত উৎসৱে ২০২২-২৩ বৰ্ষৰ বাবে বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীক প্ৰদান কৰা হ’ব ‘নলবাৰী বৈভৱ বঁটা’৷ বঁটা প্ৰদান অনুষ্ঠানত বি টি আৰ সংসদীয় পৰিষদ কাতিৰাম বড়ো, ৰাজ্য চৰকাৰৰ অসম বানিজ্য সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, বৰমা মহাবিদ্যালয়ৰ প্ৰবক্তা বিদ্যুৎ বিকাশ ডেকা, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত ডেকা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, বিশিষ্ট সমাজকৰ্মী অভিজিত কলিতা,পঞ্চায়ত প্ৰতিনিধি নিৰোদ ডেকা, সমাজকৰ্মী ৰাজীৱ কাকতি, নাট্য কৰ্মী নুৰ হুচেইন,সমাজ কৰ্মী নগেন তালুকদাৰ আদি৷ নিশা ৮.৩০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট অভিনেতা-পৰিচালক ধীৰেন কুমাৰ বৰ্মনে৷
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like