নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত ভাৰতীয় সেনা শিবিৰত গ্রেনেড বিস্ফোৰণ আলফাৰ

বিশেষ বার্তা, ১৫ ডিচেম্বৰ : কালি দক্ষিণ যোৰহাটৰ লিচুবাৰীৰ সেনা শিবিৰৰ ৪১ ছাব এৰিয়া ব্রহ্মপুত্র গেটৰ ভিতৰত হোৱা ভয়ানক বিস্ফোৰণৰ শব্দই জোকাৰি যায় সমগ্র যোৰহাট৷ লিচুবাৰী সেনা শিবিৰৰ মূল প্রৱেশ পথৰ ভিতৰত থকা এজোপা নাৰিকল গছৰ সন্মুখত প্রচণ্ড বিস্ফোৰণটো সংঘটিত হয়৷ বিস্ফোৰণৰ লগে লগে সমগ্র অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিৱেশ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, প্রায় ৭.৩০ বজাত এই বিস্ফোৰণ সংঘটিত হয়৷ ঘটনাটোত বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই৷ ঘটনাস্থলীৰ সন্মুখত থকা স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, সেনা শিবিৰৰ প্রৱেশ পথৰ সোঁফালে থকা নিৰীক্ষণ কক্ষৰ কাষত থকা এজোপা নাৰিকল গছৰ সমীপত হোৱা প্রচণ্ড শব্দত সমগ্র অঞ্চলটোত ধোঁৱাৰ সৃষ্টি হোৱাৰ লগতে বালি আৰু শিলগুটি সদৃশ বিভিন্ন সামগ্রী সিঁচৰতি হৈ পৰে৷ বিস্ফোৰণ হোৱাৰ লগে লগে সেনা শিবিৰৰ সন্মুখত প্রৱেশ পথত সেনাবাহিনীৰ লোক উপস্থিত হৈ যাতে কোনো লোক উক্ত স্থানত প্রৱেশ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰে৷ এই ঘটনা সংঘটিত হোৱাৰ কিছু সময়ত পিছত যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক আদি শীর্ষ আৰক্ষী বিষয়াৰ বৃহৎ দল সেনা শিবিৰত প্রৱেশ কৰি ঘটনাৰ অনুসন্ধান কৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কোনো লোকে গ্রেনেড দলিয়াই উক্ত স্থানৰ পৰা পলায়ন কৰে৷ বিস্ফোৰণৰ শব্দৰ পিছত সকলো লোকৰ প্রৱেশ বন্ধ কৰি দিয়ে সেনাবাহিনীৰ লোকে৷ স্থানীয় লোকৰ অভিযোগ মতে, দিনে-নিশাই যোৰহাটৰ ন-আলি,বঙালপুখুৰী, ক্লাব ৰোড, লিচুবাৰী, কে বি ৰোড আদি স্থানত আৰক্ষীৰ নিশ্ছিদ্র নিৰাপত্তা ব্যৱস্থা আছে৷ তেনেস্থলত কেনেদৰে হাতত গ্রেনেড লৈ দুষ্কৃতিকাৰীয়ে সেনা শিবিৰৰ সন্মুখত গ্রেনেড বিস্ফোৰণ ঘটালে ইয়াকে কেন্দ্র কৰি ৰাহজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সমগ্র ঘটনা সন্দর্ভত যোৰহাট প্রশাসনৰ শীর্ষ বিষয়াসকলে সেনা শিবিৰৰ ভিতৰত বিস্ফোৰণ সংঘটিতৰ বিষয়টো সন্দর্ভত পর্যালোচনা কৰি আছে যদিও বর্তমানলৈকে প্রকৃততে ঘটনা সন্দর্ভত প্রকৃত তথ্য পোহৰলৈ অহা নাই৷ ইয়াৰ সমান্তৰালভাৱে যোৰহাটৰ কাকজান বাম কুকুৰাছোৱা অঞ্চলত দুর্বৃত্তই শূন্যলৈ গুলীচালনা কৰি পলায়ন কৰা ঘটনা এটা সংঘটিত হোৱাৰ বিষয়ে জানিব পৰা হৈছে৷

You might also like