নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমসহ উত্তৰ–পূবৰ বিকাশৰ বাবে প্রয়োজন আছে ড০ হিমন্ত বিশ্ব শর্মাৰঃ অমিত শ্বাহ

নির্বাচনী সভা সম্বোধন নকৰিলেও শুৱালকুছিলৈ আহি শুভেচ্ছা কেন্দ্রীয় গৃহমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ অসম বিধানসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত আজি আধাতে অসম ভ্রমণ সামৰিবলগীয়া হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ চত্তিশগড়ত সংঘটিত মাওবাদীৰ আক্রমণৰ ঘটনাৰ বাবে সৰভোগত নির্বাচনী সভা সম্বোধন কৰিয়ে তেওঁ দিল্লীলৈ ৰাওনা হ’বলগীয়া হয়৷ নির্ধাৰিত কার্যসূচী অনুসৰি পাঠশালাৰ পাছতে ভৱানীপুৰ আৰু জালুকবাৰী সমষ্টিৰ প্রার্থী ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হৈ শুৱালকুছিত এখন বিশাল নির্বাচনী সভা সম্বোধন কৰাৰ কথা আছিল৷ কিন্তু আকস্মিকভাৱে অসম ভ্রমণ সামৰিব লগা হোৱা সত্ত্বেও কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে জালুকবাৰীত নির্বাচনী সভা সম্বোধন নকৰিলেও শুৱালকুছিলৈ আহি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা জনায়৷ শুৱালকুছিত নির্মাণ কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক বিপুল ভোটত জয়ী কৰাবলৈ সমষ্টিবাসীক আহ্বান জনায়৷

বিগত পাঁচ বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কার্যকালত ৰাজ্যৰ উন্নয়নৰ বাবে ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগত গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে তেওঁৰ শলাগ লৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– ‘মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ কিন্তু ড০ শর্মাই ৰাজ্যৰ উন্নয়নৰ লগতে নেডাৰ আহ্বায়ক হিচাপেও দায়িত্ব পালন কৰি আহিছে৷ বিগত পাঁচ বছৰত সম্পূর্ণ উত্তৰ–পূর্বাঞ্চলত বিজেপিৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ড০ শর্মাই দায়িত্ব সহকাৰে কাম কৰিছে৷ কেৱল অসমেই নহয়, উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ বাবে বহুকেইখন আঁচনি ৰূপায়ণৰ ক্ষেত্রত ড০ শর্মাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ বাবে ড০ হিমন্ত বিশ্ব শর্মাৰ প্রয়োজন আছে৷ বিজেপিৰ দুয়োগৰাকী নেতাই একেলগে অসমক আগবঢ়াই নিব৷ অসম আগবাঢ়িলেহে উত্তৰ–পূর্বাঞ্চল আগবাঢ়িব৷ সেয়েহে বিপুল ভোটত ড০ হিমন্ত বিশ্ব শর্মাক বিজয়ী কৰাবলৈ সকলোকে বিনম্রভাৱে অনুৰোধ জনাইছোঁ৷ প্রধানমন্ত্রী মোদীৰ হাত আপোনালোকে শক্তিশালী কৰক, বিজেপিক শক্তিশালী কৰক৷ পুনৰ এবাৰ ৰাজ্যত বিজেপি চৰকাৰ প্রতিষ্ঠা কৰি আমাক আপোনালোকৰ সেৱা কৰিবলৈ সুযোগ দিয়ক৷’ ইফালে, অন্তিমখন নির্বাচনী সভাৰ জৰিয়তে জালুকবাৰী সমষ্টিৰ ভোটদাতাসকলৰ সৈতে মত বিনিময় কৰিবলৈ তেওঁ যথেষ্ট আগ্রহী আছিল বুলি উল্লেখ কৰি শ্বাহে কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ যুটীয়ে অসমক বিকাশৰ পথেৰে আগুৱাই লৈ গৈছে৷ আন্দোলনমুক্ত, সন্ত্রাসবাদমুক্ত অসম গঢ়ি পুনৰ বিজেপি ৰাইজৰ ওচৰলৈ আহিছে৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত আগন্তুক পাঁচ বছৰত অসমক বানমুক্ত কৰিবলৈ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ অসমৰ পৰা আন্দোলন, সন্ত্রাসবাদ, হিংসা, গুলী–বোমা বিস্ফোৰণ চিৰদিনৰ বাবে বন্ধ কৰিবলৈ কাম কৰি আহিছে বিজেপি চৰকাৰে৷ শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱ, লোকপ্রিয় গোপীনাথ বৰদলৈৰ কল্পনাৰ অসম প্রতিষ্ঠা কৰিবলৈ বিজেপি প্রতিজ্ঞাবদ্ধ৷

ইফালে, ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ সময়ত স্বাস্থ্যমন্ত্রী হিচাপে ড০ শর্মাই লোৱা পদক্ষেপক প্রশংসা কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয়– ‘স্বাস্থ্যমন্ত্রী হিচাপে ড০ শর্মাই ক’ভিড প্রতিৰোধৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে৷ ক’ৰোনাৰ বিৰুদ্ধে দেশৰ ভিতৰত যিসমূহ ৰাজ্যই ভালদৰে যুঁজিছে তাৰ ভিতৰত অসমো এখন৷ অসমক বিকাশৰ পথলৈ লৈ যোৱাৰ বাবে চৰকাৰ চলোৱাৰ ক্ষেত্রত ড০ হিমন্ত বিশ্ব শর্মাৰ যথেষ্ট ভূমিকা আছে৷’ সংবাদ মাধ্যমৰ আগত তেওঁ কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ বিশেষকৈ এ আই ইউ ডি এফৰ সৈতে মহাজোঁট গঠনেৰে নির্বাচনত কংগ্রেছ অৱতীর্ণ হোৱাৰ প্রসংগ উল্লেখ কৰি শ্বাহে কয়– ‘কংগ্রেছে অসমৰ অস্তিত্বৰ নামত নির্বাচন খেলিবলৈ আৰম্ভ কৰিছিল৷ অসমৰ পৰিচয় বদৰুদ্দিন আজমল বুলি তেওঁলোকে নির্বাচন শেষ কৰিলে৷ মই অসমৰ ৰাইজক সুধিব বিচাৰিছোঁ বদৰুদ্দিন আজমল অসমৰ পৰিচয় হ’ব পাৰে নেকি? শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱ, গোপীনাথ বৰদলৈ, ড০ ভূপেন হাজৰিকা অসমৰ পৰিচয়, বদৰুদ্দিন আজমল হ’ব পাৰে নেকি? কংগ্রেছ দলে পথ হেৰুৱাইছে৷ তেওঁলোকে অসমক শুদ্ধ পথেৰে আগুৱাই লৈ যাব নোৱাৰে৷ সেয়েহে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত পুনৰ বিজেপি চৰকাৰ প্রতিষ্ঠা কৰিবলৈ আপোনালোকক বিনম্রতাৰে অনুৰোধ জনাইছোঁ৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বানমুক্ত আৰু বিকশিত অসম নির্মাণ কৰিম৷’ আনহাতে, চত্তিশগড়ত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত চলোৱা আক্রমণৰ ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে দেশৰ বাবে জোৱানসকলে দিয়া বলিদান কেতিয়াও অথলে নাযায় বুলি দেশবাসীক আশ্বাস প্রদান কৰে৷ নক্সালৰ বিৰুদ্ধে অধিক শক্তিশালীভাৱে যুঁজ অব্যাহত থকাৰ লগতে ইয়াৰ এক উচিত পৰিণাম দিয়া হ’ব বুলিও তেওঁ কয়৷

You might also like