আলফাৰ কলংকিত অধ্যায় বিক্রীত নিষেধাজ্ঞা আদালতৰ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বিভ্রান্তিকৰ তথ্য সন্নিবিষ্ট কৰা বুলি অভিযোগ উত্থাপিত হোৱা আলফাৰ কলংকিত অধ্যায় শীর্ষক এখন গ্রন্থৰ মুদ্রণ, প্রকাশ, বিক্রী আৰু বিতৰণত নিষেধাজ্ঞা জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতে৷ তগৰ চন্দ্র নেওগ নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা আবেদনৰ ভিত্তিত এই নির্দেশ দিছে আদালতে৷ আজি গুৱাহাটীৰ হোটেল ব্লু–মুনত এখন সংবাদ মেলত এই কথা সদৰী কৰে আবেদনকাৰী নেওগে৷ এই প্রসংগত তেওঁ কয় যে উক্ত গ্রন্থখনৰ ৩২ নম্বৰ অধ্যায়ত তেওঁৰ বিষয়ে ভুল আৰু বিভ্রান্তিকৰ তথ্য সন্নিবিষ্ট কৰা হৈছে৷ যাৰ বাবে তেওঁ আদালতৰ দ্বাৰস্থ হৈছে৷ এই প্রসংগত তেওঁ কয়–‘ব্যক্তিগতভাৱে এই গ্রন্থখনৰ লেখকক মই চিনি নাপাওঁ৷ ইয়াত আলফাৰ যমুনাখাট আদালতৰ প্রধান বিচাৰপতি বুলি মোক উল্লেখ কৰা হৈছে৷ কিন্তু কোনো দিনে মই তেনেধৰণৰ কামত নিয়োজিত হোৱা নাই৷ ১৯৭৭ চনৰ পৰা লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই শিক্ষকতা কৰিছিলোঁ৷ ২০০৯ চনৰ পৰা খেৰাজখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্রহণ কৰোঁ আৰু ২০১৩ চনত এই পদৰ পৰা অৱসৰ লওঁ৷ তেতিয়াৰ পৰা ২০১৮ চনলৈ লখিমপুৰ বিজেপিৰ প্রমুখ হিচাপে মই দায়িত্ব পালন কৰোঁ৷ তৎসত্ত্বেও গ্রন্থখনত মোক ভুৱা তথ্যৰে আলফাৰ সৈতে জড়িত থকা বুলি সাব্যস্ত কৰিব বিচৰা কার্যই মোক মানসিকভাৱে কষ্ট দিছে৷ যাৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ৷’ ইপিনে, সংবাদ মেলখনত অধিবক্তা পৱিত্র শইকীয়াই কয় যে গ্রন্থখনৰ বিক্রী আৰু মুদ্রণৰ ক্ষেত্রত জাৰি কৰা নির্দেশনা পৰৱর্তী শুনানি পর্যন্ত বাহাল থাকিব৷ এই গোচৰটোৰ পৰৱর্তী শুনানি অহা ৩ মার্চত ধার্য কৰা হৈছে৷