নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা (স্বাঃ)ৰ মেজৰ বুবুল সন্দিকৈ ওৰফে গোলাপ অসমৰ মৃত্যু

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বাঃ)ৰ বুবুল সন্দিকৈ ওৰফে গোলাপ অসম ওৰফে ফকদৌৰ কালি সংগঠনটোৰ ম্যানমাৰস্থিত শিৱিৰত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ প্ৰচাৰিত হোৱাত আলফা নেতাগৰাকীৰ ওপজা চৰাইদেউ জিলা মাহমৰা ভালুকনিস্থিত গাঁৱত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। অসমৰ হেৰুৱা স্বাধীনতা পুনঃপ্রতিষ্ঠাৰ বাবে জন্ম হোৱা সম্মিলিত জাতীয় মুক্তি বিপ্লৱৰ ধ্বজ্জা বাহক ‘সংযুক্ত মুক্তি বাহিনী অসম’ তথা সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ এগৰাকী জেষ্ঠ নেতা বুবুল সন্দিকৈ ওৰফে মেজৰ গোলাপ অসম, জন্ম হৈছিল ১৯৭৪ চনত। পিতৃ চন্দ্র সন্দিকৈ আৰু মাতৃ প্রয়াত পাতলি সন্দিকৈৰ সন্তান বুবুল সন্দিকৈয়ে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰযন্ত্ৰই চলোৱা গুপ্তহত্যাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজভাগত ১৯৯৮ চনত আলফাৰ সামৰিক গোটৰ প্ৰশিক্ষণ লৈ বিপ্লৱৰ পথাৰত ভৰি দি তেওঁ জাতীয় মুক্তি বিপ্লৱখন আগুৱাই নিয়াত জীৱনৰ আধাচোৱা সময় উচ্ছৰ্গা কৰিলে। ‘সংযুক্ত মুক্তি বাহিনী অসম’ সংগঠনৰ তৰফৰ পৰা তেখেতক যিয়েই দায়িত্ব অর্পন কৰা হৈছিল তেখেতেও নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহ নিষ্ঠা আৰু সততাতে সমাপন কৰি সকলোৰে মাজত প্রিয়ভাজন হৈ পৰিছিল। কিন্তু যোৱা ২৩ নৱেম্বৰত উচ্চ ৰক্তচাপজনিত শাৰীৰিক অসুস্থতাৰ বাবে এইগৰাকী সংগ্রামী নেতাই বিয়লি উক্তদিনা বিয়লি শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ অকাল বিয়োগত ‘সংযুক্ত মুক্তি বাহিনী অসম’ (স্বাধীন) সংগঠনৰ প্ৰতিজন নেতা, বিষয়া, সদস্য/সদস্যাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । অসমৰ সন্মিলিত সশস্ত্র জাতীয় মুক্তি বিপ্লৱলৈ আগবঢ়োৱা তেখেতৰ ত্যাগ আৰু স্থিতি আমাৰ বাবে সদায় নিদর্শন হৈ ৰ’ব। স্বাধীনতাৰ সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱলৈ আগবঢ়োৱা তেওঁৰ অৱদানক সন্মান জনাই ‘সংযুক্ত মুক্তি বাহিনী অসম’ (স্বাধীন) সংগঠনৰ তৰফৰ পৰা লেঃ কর্ণেল গোলাপ অসমক ‘অমৰ মৃতক’ ঘোষণা কৰি ইতিমধ্যে সংগঠনটোৱে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে । মৃত্যুৰ সময়ত আলফা জ্যেষ্ঠ কেডাৰগৰাকীয়ে দুৰ্ভগীয়া পত্নী, উচ্চ শিক্ষাৰ বাবে হাইদৰাবাদত থকা একমাত্ৰ পুত্ৰ আৰু বটামৰা জাতীয় বিদ্যালয়ত অধ্যয়নত কন্যাক ইহসংসাৰত এৰি থৈ যায় ।

প্ৰেৰক দীপাংকৰ পাল

You might also like