নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰগামী যুৱতীৰে আলফা সদস্যৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বাতৰি অস্বীকাৰ ৰুমেল অসমৰ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ একপক্ষীয় যুদ্ধবিৰতিৰ সময়ছোৱাতে আলফা(স্বা)ত ৰাজ্যৰ খেলুৱৈকে ধৰি পাঁচগৰাকী যুৱতীয়ে যোগদান কৰাৰ লৈ সৰৱ চৰ্চা চলি আছে। যুৱতীকেইগৰাকীয়ে ম্যানমাৰ অভিমুখে যাত্ৰা কৰা বুলি বাতৰি ওলাইছে। কিন্তু এই সন্দৰ্ভত এতিয়ালৈ স্পষ্ট কৰা নাই আৰক্ষীয়ে।

এনে এক অৱস্থাৰ মাজতে আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে আজি এক বিবৃতিত প্ৰকাশ কৰে যে যুৱতীকেইগৰাকীৰ আলফাত যোগদান কৰা ঘটনাক লৈ একাংশ সংবাদ মাধ্যমে আস্ফালন কৰিছে। সংগঠনটোৰ লক্ষ্য-উদ্দেশ্য আৰু নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মুক্তিকামী জনগণৰ মাজৰে কোনোবাই আহি যোগদান কৰাটো তেনেই স্বাভাৱিক। যেতিয়ালৈকে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই ইয়াৰ সঠিক সমাধান উলিয়াব নোৱাৰে তেতিয়ালৈকে এই সশস্ত্ৰ বিপ্লৱলৈ বহু যুৱক-যুৱতী আহিয়েই থাকিব। পাঁচগৰাকী যুৱতীৰ আলফালৈ গমন সন্দৰ্ভত নিশ্চিত তথ্য আৰক্ষী তথা গৃহ বিভাগে প্ৰকাশ কৰাৰ পৰা বিৰত থকাৰ সময়তে সংগঠনটোৰ এনে বক্তব্য নিতান্তই গুৰুত্বপূৰ্ণ। এই সন্দৰ্ভত একাংশ সংবাদ মাধ্যমৰ বাতৰিত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ প্ৰকাশ কৰে যে কোনো যুৱতী সংগঠনত যোগদান কৰাৰ অৰ্থ এয়ে নহয় যে সংগঠনটোৰ কোনো সদস্যৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। কেৱল অনুমানৰ ভিত্তিত স্পষ্ট প্ৰমাণ নথকাকৈ একাংশ সংবাদ মাধ্যমে পূৰ্বেও এনে প্ৰচাৰ কৰি আহিছে। এনে সংবাদ গোষ্ঠীৰ তথা সাংবাদিকক শীঘ্ৰে হালধীয়া সংবাদিকতা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে। অন্যথা অনাগত দিনত যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’বলৈ প্ৰস্তুত থাকিবলৈ সকীয়াই দিয়ে সংগঠনটোৱে।

ইফালে আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হিৰেণ নাথে এই সন্দৰ্ভত প্ৰকাশ কৰে যে-“যুৱতীকেইগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা আমি কোনো নিশ্চিত তথ্য পোৱা নাই। আমি তথ্য আহৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। খেলৰ বাবে বহুদিন যুৱতীকেইগৰাকী ঘৰৰ বাহিৰত থাকে আৰু ফোন বন্ধ থকাৰ বাবে বৰ্তমান তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই ৷” অৱশ্যে বিষয়টো পৰ্যবেক্ষণৰ বাবে সংশ্লিষ্ট জিলাকেইখনৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে বুলিও আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে ব্যক্ত কৰে।

You might also like