নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছন বসুন্ধৰা : তিতাবৰৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত ৰাইডাংজুৰিত বিশেষ ৰাজহ আদালত

কেইবা শতাধিক লোকৰ ৰাজহ সম্পৰ্কীয় সমস্যা সমাধান

নিয়মীয়া বাৰ্তা,  ১২ নৱেম্বৰ :  তিতাবৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত আজি মিছন বসুন্ধৰা যোগেদি নগাবাটৰ ৰাইডাংজুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত বিশেষ ৰাজহ আদালত সম্পন্ন হয়। সেয়ে তিতাবৰৰ ৰাজহ চক্ৰ বিষয়া জয়ন্ত বৰা উপস্থিতিত মণ্ডল, কাননগোৰ, গাঁওবুঢ়া আদিৰ সহযোগত ৰাইডাংজুৰি আৰু বেকাজান গাঁও পঞ্চায়তৰ প্ৰায় ১৬ খন গাঁৱৰ ৰাইজৰ ৰাজহ সম্পৰ্কীয় বিভিন্ন সমস্যা তাৎক্ষণিকভাৱে সমাধানৰ চেষ্টা কৰে।

এই সন্দৰ্ভত তিতাবৰৰ ৰাজহ চক্ৰ বিষয়া জয়ন্ত বৰাই সংবাদ মাধ্যমৰ আগত কয়- ”মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে মিচন বসুন্ধৰাৰ যোগেদি যিখিনি সেৱা আমি ৰাইজক দিব লাগে সেয়া আমি তিতাবৰৰ ৰাজহ চক্ৰ কাৰ্যালয়ে ইতিমধ্যে আৰম্ভ কৰিছোঁ। আজি অসম-নগালেণ্ড সীমান্তৱৰ্তী নগাবাট অঞ্চলৰ ৰাইডাংজুৰি পঞ্চায়তৰ অধীনত এই বিশেষ ৰাজহ আদালত অনুষ্ঠিত কৰি ৰাইজৰ ৰাজহ সম্পৰ্কীয় বিভিন্ন কাম-কাজ সমূহ দূৰ কৰা চেষ্টা কৰিছোঁ। আজি এনেদৰে তিতাবৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাম-কাজ সমূহ ৰাইজৰ পদুলি মুখলৈ লৈ অনাৰ চেষ্টা কৰা হৈছে।”

উল্লেখ্য যে নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোৰ পৰা ৰাইজে ২৯ কিলোমিটাৰ দূৰত্বৰ তিতাবৰ ৰাজহ চক্ৰ কাৰ্যালয়লৈ গৈ ৰাজহ সম্পৰ্কীয় কাম-কাজ কৰাত দীৰ্ঘদিনে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। তেনেস্থলত তিতাবৰৰ ৰাজহ চক্ৰ কাৰ্যালয়ে আজি গ্ৰহণ এনে প্ৰশংসনীয় পদক্ষেপত ৰাইডাংজুৰি, নগাবাট, বেকাজানৰ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

input: অজয় শইকীয়া, নগাবাট

You might also like