নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ ইমিগ্রেণ্ট এক্সপেল ’ৰ অধীনত পোনে পোনে বিতাড়ন হ’ব বিদেশী

🔹 ‘ ইমিগ্রেণ্ট এক্সপেল ’ৰ অধীনত পোনে পোনে বিতাড়ন হ’ব বিদেশী

🔹 অবৈধ নাগৰিকক বহিষ্কাৰ সন্দর্ভত মুখ্যমন্ত্রী ড০ শৰ্মাৰ ঘোষণা

বিশেষ বাৰ্তা, ৮ জুন : অসমৰ জনগাঁথনিত বিৰূপ প্রভাৱ পেলোৱা তথা দেশৰ সার্বভৌমত্ব–অখণ্ডতাৰ প্রতি তীব্র ভাবুকিৰ কাৰক হৈ পৰা অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ কৰা সন্দর্ভত এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি বিভিন্ন কার্যসূচীৰে নলবাৰী জিলাত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই বিদেশী ন্যায়াধিকৰণ নহয়, ইমিগ্রেণ্ট এক্সপেল অর্ডাৰৰ অধীনত পোনে পোনে এনে লোকসকলক বিতাড়ন কৰা হ’ব বুলি সদৰী কৰে৷

অৱশ্যে সম্প্রতি বিষয়টো ৰাজ্য চৰকাৰে পৰীক্ষা কৰি থকাৰ কথাও জানিবলৈ দিয়ে তেওঁ৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে যেতিয়া নাগৰিকত্ব আইনৰ ৬ (ক) ধাৰাৰ ওপৰত শুনানি লৈছিল, তেতিয়া এটা কথা উল্লেখ কৰিছে– অসম চৰকাৰে বিদেশী বহিষ্কৰণৰ কাৰণে ন্যায়াধিকৰণৰ ওচৰত গৈ থাকিব লাগিব, তেনে কোনো কথা নাই৷ ইমিগ্রেণ্ট এক্সপেল অর্ডাৰ শীর্ষক এখন পুৰণি আইন আছে৷ যিখন আইন এতিয়াও বলৱৎ হৈ থকাৰ কথা কৈছে উচ্চতম ন্যায়ালয়ে৷ এই আইনখনৰ মতে, জিলা আয়ুক্তই লগে লগে বিদেশী বিতাড়নত নির্দেশ দিব পাৰে৷ যিকোনো কাৰণতে হওক, এই কথাটো আমাৰ অধিবক্তায়ো আমাক জনোৱা নাছিল আৰু আমিও অৱগত হোৱা নাছিলোঁ৷ যোৱা কেইদিনমানত এই কথাটো পোহৰলৈ আহিছে৷ আমি এতিয়া পৰীক্ষা কৰি আছোঁ৷ অনুপ্রৱেশকাৰী চিনাক্তকৰণ প্রক্রিয়া তীব্রতৰ কৰাৰো তেওঁ হুংকাৰ দিয়ে৷

এই সন্দর্ভত তেওঁৰ বক্তব্য আছিল এনেধৰণৰ– বিদেশী চিনাক্তকৰণৰ কাম ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কাৰণে ৰৈ আছিল৷ সেইটো আমি আৰু অলপ ত্বৰান্বিত কৰিম৷ বিদেশী চিনাক্তকৰণ প্রক্রিয়াটো অলপ তীব্রগতিত চলিব৷ এতিয়া বিদেশী চিনাক্ত হ’লে আমি ন্যায়াধিকৰণলৈ পঠোৱাৰ দৰকাৰ নাই৷ পোনে পোনে বিতাড়ন কৰিম৷ তাৰ কাৰণে এইকেইদিন প্রস্তুতি চলি আছে৷ ইতিমধ্যে বহুখিনিক বিতাড়ন কৰিছোঁ৷ কিন্তু আদালতত যাৰ গোচৰ আছে, সেইসকলক কৰা নাই৷ সংখ্যাটো বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব৷

বেদখল উচ্ছেদ সম্পর্কত সাংবাদিকৰ প্রশ্ণৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই এক গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ কয় যে আমাৰ ক্ষমতা সীমিত৷ কাৰণ আৰক্ষী–অধিবক্তা–ন্যায়াধীশ একেখিনিয়েই৷ গতিকে প্রক্রিয়াটো অলপ দীর্ঘকালীন৷ কিন্তু যোৱা ৪ বছৰত আমি বহু উচ্ছেদ অভিযান চলাইছোঁ৷ যিবোৰ স্থানত উচ্ছেদ চলোৱা হৈছে, দ্বিতীয়বাৰ তাত সোমাবলৈ দিয়া হোৱা নাই৷ এইবিলাকত যুঁজি থাকোঁতে ১০–১৫ বছৰ লাগিব৷ তদুপৰি বহু সময়ত মানুহে নুবুজে– জাননীখন দি দিলেই হ’ল৷ কিন্তু দিলেই নহ’ব, উচ্চতম ন্যায়ালয়ে এটা নিয়ম বনাই দিছে৷ তাকো পালন কৰিব লাগিব৷ তাৰ মাজতে প্রতিখন জিলাতে অন্ততঃ এটাকৈ আমি উচ্ছেদ অভিযান চলাইছোঁ৷ আমাৰ চৰকাৰৰ দিনত ডাঙৰ সফলতা হ’ল– এতিয়া মানুহে ভূমি বেদখল কৰিবলৈ ভয় কৰে৷

ইফালে, জনগাঁথনি পৰিৱর্তন হোৱা প্রসংগত গোৱালপাৰা পূব সমষ্টিৰ উদাহৰণ দাঙি ধৰি নিজ প্রতিক্রিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ কয় যে গোৱালপাৰা পূব এটা সময়ত হিন্দু সমষ্টি আছিল৷ কিন্তু নদী ভঙা বুলি কৈ ২০–২৫ হাজাৰ মানুহ বাঘবৰৰ পৰা তালৈ গুচি গ’ল৷ ফলত হিন্দুসকল সংখ্যালঘু হৈ পৰিল৷ এই কথাটোকে মই মনত ভাবি আছোঁ– যদি কোনোবা এটা সমষ্টিত নতুনকৈ মানুহ আহি তাৰ জনগাঁথনি পৰিৱর্তন কৰে, তেন্তে সেইটো ৰাজনৈতিকভাৱে ভয়াৱহ৷ সেই কাৰণে গোৱালপাৰাত সিদিনাখন গৈ পৰিৱেশটো নিজে লক্ষ্য কৰি আহিছোঁ৷ ভোটাৰ তালিকাত নামটো সলাই লয়৷ নামটো বাঘবৰত থাকিলে বেলেগ কথা আছিল৷ আমি ইজনে সিজনৰ প্রতি যদি সন্মান নেদেখুৱাও আৰু যদি মানুহে ভাবে আমি দখল কৰোঁ, তেতিয়াহ’লে অসমৰ পৰিৱেশটোৱেই বেয়া হ’ব৷ ইয়াৰ বিপৰীতে বাঘবৰৰ মানুহ যদি বাঘবৰতে থাকে–জনিয়াৰ মানুহ যদি জনিয়াতে থাকে–নলবাৰীৰ মানুহ যদি নলবাৰীতে থাকে, তেন্তে সংঘাত নোহোৱা হৈ যাব বুলি তেওঁ মন্তব্য কৰে৷ এই কথাখিনিকে সংখ্যালঘু নেতাসকলক বুজাই থকাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে যদি আমিও আপোনাৰ কথা বুজোঁ, আপুনিও আমাৰ কথা বুজে, তেতিয়া অসমত অশান্তি–গণ্ডগোল একো নহয়৷

You might also like