নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত নথি-পত্ৰবিহীন ডাম্পাৰ-ট্ৰেক্টৰৰ দৌৰাত্ম্য

🔹 জিলা পৰিবহণ বিভাগ-আৰক্ষীৰ ৰহস্যজনক ভূমিকা

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চ : ঢকুৱাখনা উপ-জিলাত ৰাজ্যিক ঘাইপথৰ সমান্তৰালকৈ গ্ৰাম্য অঞ্চলতো ২৪ ঘন্টা সন্ত্ৰাস চলাইছে নম্বৰ প্লেটবিহীন ডাম্পাৰ আৰু ট্ৰেক্টৰে। দিনে-নিশাই অহৰহ আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখেদি শিল, বালি, মাটি কঢ়িওৱা দ্ৰুতগতিৰ ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ। অবৈধভাৱে বালি, শিল আৰু মাটি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্ম্যৰ বাবে প্ৰায়ে সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। আনকি স্কুল-কলেজৰ সময়তো এইসমূহ গাড়ীয়ে নির্বিঘ্নে টিঘিলঘিলাই আছে ঢকুৱাখনা নগৰত। ঢকুৱাখনাৰ প্ৰতিটো অঞ্চলতে প্ৰাণৰ শংকাত ভুগিছে ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতা। ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্ম্যত অকালতে বহু নিৰীহ পথচাৰীয়ে হেৰুৱাইছে প্ৰাণ। প্ৰায় প্ৰতিখন শিল, বালি কঢ়িওৱা ডাম্পাৰৰ দেখা গৈছে একেই দৃশ্য। কিছুমান ডাম্পাৰৰ আগফালৰ নম্বৰ প্লেট থাকে যদিও পিছফালৰখন নাথাকে বা কিছুমানৰ থাকে যদিও চকুত সহজতে নপৰা অংশত লগোৱা থাকে।এনে নীতিবিৰুদ্ধ কাৰ্যৰে একাংশ ডাম্পাৰ কিদৰে দৈনিক চলাচল কৰি আছে, তাৰো উত্তৰ সৰ্বসাধাৰণৰ হাতত নাই। আনহাতে, অনভিজ্ঞ কম বয়সৰ চালক নিয়োগ কৰা, বৈধ নথি-পত্ৰ নথকা আদি অভিযোগ একাংশ ডাম্পাৰৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে। শেহতীয়াকৈ অসম মালা আঁচনিৰ অধীনত ঢকুৱাখনা-ধেমাজি সংযোগী পথ নিৰ্মাণৰ ঠিকা লাভ কৰা মেছাৰ্ছ শিৱম কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰী সংস্থাটোৰ ১০খনতকৈ অধিক নম্বৰপ্লেটবিহীন ডাম্পাৰে চৰকাৰী নিৰ্দেশক অংগুষ্ঠ দেখুৱাই মাটি, শিল, বালি সৰবৰাহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ঠিকাদাৰী সংস্থা মেছাৰ্ছ শিৱম কনষ্ট্ৰাকচনৰ অকল অভাৰলোডেই নহয়, গুৰু-গোসাঁই নমনাকৈ দ্ৰুতগতিত চলোৱা এই নম্বৰ প্লেটবিহীন ডাম্পাৰে একপ্ৰকাৰ সন্ত্ৰাস চলাইছে ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ প্ৰায় ১৫ কিলোমিটাৰ দৈর্ঘৰ অংশত। এই নম্বৰপ্লেটবিহীন ডাম্পাৰৰ সন্ত্ৰাসত ঘৰৰ পৰা ৰাস্তা-ঘাটে সাধাৰণ ৰাইজে আতংকৰ মাজেৰে চলাচল কৰিব লগা হৈছে। এইসমূহ ডাম্পাৰ নিয়ন্ত্ৰণ কৰাৰ লগতে নথি-পত্ৰ চোৱাৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগ নামৰ বিয়াগোম বিভাগ আছে যদিও লখিমপুৰ জিলাৰ পৰিবহণ বিভাগে চকু মুদা কুলিৰ ভাও জোৰাৰো অভিযোগ স্থানীয় ৰাইজৰ । এই ক্ষেত্ৰত ঢকুৱাখনা আৰক্ষী প্ৰশাসনৰ নীৰৱ ভূমিকাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। বিগত এটা মাহে ঢকুৱাখনা আৰক্ষীৰ নাকৰ তলেদিয়েই পথ নিৰ্মাতা কোম্পানীয়ে এনেদৰে পঞ্জীয়নবিহীনভাৱে পথ নিৰ্মাণৰ সামগ্ৰী সৰবৰাহ কৰি আছে এইসমূহ ডাম্পাৰে। যাৰ ফলত চৰকাৰৰ পৰিবহণ বিভাগে হেৰুৱাব লগা হৈছে মোটা অংকৰ ৰাজহ ৷ ইফালে, মাজে-সময়ে ঢকুৱাখনাত কিছু পলমকৈ কৰ পৰিশোধ কৰিব নোৱাৰা সাধাৰণ লোকৰ বাহনসমূহ পৰিবহণ বিভাগে ধৰি জৰিমনা বিহে যদিও মাহৰ পাছত মাহ ধৰি পাৰ্মিট আৰু পঞ্জীয়ন নকৰাকৈ এই ডাম্পাৰসমূহ কিদৰে ৰাজপথত চলাচল কৰিব পাৰিছে, তাকো লৈ সৃষ্টি হৈছে লাখটকীয়া প্ৰশ্ন ৷ নম্বৰ প্লেটবিহীন এই ডাম্পাৰসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে ঢকুৱাখনা আৰক্ষীক অনুৰোধ জনোৱাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ স্থানীয় ৰাইজৰ ৷ কোনোবা অদৃশ্য শক্তিৰ কৃপাত আৰক্ষী আৰু পৰিবহণ বিভাগৰ চকুৰ সন্মুখতে এনেদৰে পঞ্জীয়ন তথা কৰ পৰিশোধ নকৰাকৈয়ে এইসমূহ ডাম্পাৰে দিনে-নিশাই ৰাজপথত চলাচল কৰিব পৰা বিষয়টোক লৈ সচেতন মহলৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ তদুপৰি বন বিভাগে নম্বৰ নথকা এই ডাম্পাৰসমূহে সৰবৰাহ কৰা মাটি, শিল, বালিৰ চালান কিদৰে প্ৰদান কৰিছে, তাকো লৈ সৃষ্টি হৈছে গভীৰ ৰহস্য ৷ নে চালানবিহীনভাৱেই বনজ সম্পদ সৰবৰাহ কৰিছে, তাকো লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ পঞ্জীয়ন অবিহনেই নিয়ন্ত্ৰণহীনভাৱে চলাচল কৰাৰ ডাম্পাৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহণ বিভাগৰ লগতে চৰকাৰ-প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like