নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশিক্ষিত নেতাই চলাইছে দেশখন : অভিনেত্ৰী কাজল

বিশেষ বাৰ্তা, ৯ জুলাইঃ কাজলে কেতিয়াও বেছি কথা নকয়। দুটা দশকৰো অধিক সময় ধৰি ডাঙৰ পৰ্দাত কাম কৰি আছে কাজলে। কিন্তু কেতিয়াও বেছি বিতৰ্কত সোমাই পৰা নাছিল বা নাই। অৱশ্যে কেতিয়াবা মুকলিকৈ মনৰ কথা কৈ তেওঁ বিপদত পৰে। অৱশ্যে এইবাৰ অভিনেত্ৰীগৰাকী যথেষ্ট কটুক্তিৰ সন্মুখীন হ’বলগীয়া হয়। দেশত শিক্ষা আৰু মহিলা সৱলীকৰণৰ বিষয়ে কোৱাৰ সময়ত কাজলে কয় যে অশিক্ষিত নেতাই দেশখন চলাই আছে, যাৰ কোনো শিক্ষা নাই বা কোনো বিশেষ দৃষ্টিভংগী নাই। শেষত কাজলে প্ৰায় ক্ষমা খুজিলে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ধাৰাবাহিক ‘দ্য ট্ৰাইল’ৰ প্ৰচাৰৰ সময়ত এই বিতৰ্কৰ সৈতে জড়িত হৈ পৰে। নাৰী সবলীকৰণ সন্দৰ্ভত দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে আমাৰ দেশত পৰিৱৰ্তন অতি লাহে লাহে হৈছে। কাৰণ ই আমাৰ পৰম্পৰাত শিপাই আছে। আমি আমাৰ চিন্তাত আবদ্ধ হৈ আছো। যিটো শিক্ষাৰ লগত জড়িত। মৌলিক শিক্ষা নথকা ৰাজনৈতিক নেতাই আমাক শাসন কৰি আছে বুলি ক’বলৈ দুখ পাইছোঁ৷ ভাল-বেয়া দৃষ্টিভংগীৰো অভাৱ। শিক্ষাই আপোনাক অন্ততঃ এটা বেলেগ দৃষ্টিভংগী অন্বেষণ কৰাৰ সুযোগ দিয়ে।” অভিনেত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছৰে পৰা তেওঁক প্ৰায় নিৰ্দয়ভাৱে ট্ৰ’ল কৰা হৈছে। কোনোবাই ক’লে, “কাজল, তুমি নিজেই স্কুল ড্ৰপআউট। স্বামীয়ে গুটখা কোম্পানীৰ বিজ্ঞাপন কৰে। গতিকে আমাক অশিক্ষিত নেতাই নেতৃত্ব দিয়ে বুলি কোৱাৰ পৰা বিৰত থাকক।” তীব্ৰ সমালোচনাৰ পিছত কাজোলে টুইট কৰি ক্ষমা বিচাৰিলে। তেওঁ লিখিছে, ‘মই মাত্ৰ শিক্ষাৰ ক্ষেত্ৰত মোৰ স্থিতি স্পষ্ট কৰিছো, ই গুৰুত্বপূৰ্ণ। মোৰ উদ্দেশ্য কোনো ৰাজনৈতিক ব্যক্তিক তুচ্ছজ্ঞান কৰা নহয়। আমাৰ বহু নেতা আছে যিয়ে এই দেশখনক সঠিক দিশত লৈ গৈছে।”

You might also like