নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰী : ঘিলামৰা থানাৰ অন্তৰ্গত গোপালপুৰ গাঁৱৰ সমীপৰে যোৱা কঢ়া নৈত আজিৰ পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় লোকে অৰ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰি ঘিলামৰা আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। বাতৰি প্ৰেৰণ কৰা মুহূৰ্তলৈকে ৪৫ বছৰ ঊৰ্ধ্বৰ পুৰুষৰ মৃতদেহটো চিনাক্ত হোৱা নাই। তদুপৰি কেনেকৈ, ক’ৰ পৰা নৈৰ বুকুৰে মৃতদেহটো আহিল, জানিব পৰা হোৱা নাই। মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য বিৰাজ কৰিছে। উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক পুলকজ্যোতি বৰা