নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একশৰণ নামধৰ্ম জনজাতি সমাজৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰী : মৰিগাঁও জিলাৰ কমাৰবড়ীত একশৰণ নামধৰ্ম জনজাতি সমাজৰ ৬০সংখ্যক অধিৱেশন আৰু মহাপালনামৰ লাইখুঁটা স্থাপন কৰা হয়। কমাৰবড়ী ভাতবৰ দেউৰী সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশনখন। অহা ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত  তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ কমাৰবড়ীত ভাতবৰ দেউৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব একশৰণ জনজাতি সমাজৰ ৬০সংখ্যক অধিৱেশন আৰু মহাপালনাম। অধিৱেশনৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক সভাপতি, বলেন চন্দ্ৰ দেউৰীক কাৰ্যকৰী সভাপতি আৰু পৰমানন্দ দেউৰীক সম্পাদক হিচাপে লৈ এখন ১০১জনীয়া আদৰণী সমিতি সঠন কৰি দিয়াৰ উপৰি ১০খন উপ-সমিতি গঠন কৰি প্ৰস্তুতি তুংগত কৰা  হৈছে।

মুখ্য সম্পাদক ডিম্বেশ্বৰ দেউৰী, উপদেষ্টা ভীমবৰ বৰদলৈকে প্ৰমুখ্য কৰি জনজাতি সমাজৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াসকলৰ উপস্থিতিত ভকত-বৈষ্ণৱসকলে সোমবাৰে কমাৰবড়ী জনজাতি সমাজৰ আঞ্চলিক নামঘৰত শৰাই-শলিতা আগবঢ়াই ভাতবৰ দেউৰী সমন্বয় ক্ষেত্ৰত সম্পূৰ্ণ নীতি-নিয়মেৰে গুৰুঘাট বজাই অধিৱেশন আৰু মহাপালনামৰ লাইখুঁটা স্থাপন কৰে। অধিৱেশনখনত সকলো ভকত-বৈষ্ণৱ আৰু ৰাইজৰ অকুণ্ঠ সহযোগিতা কামনা কৰিছে আদৰণী সমিতিয়ে।

প্ৰেৰক আবুল কালাম

You might also like