ৰঙালী বিহুৰ আনন্দৰ মাজতেই মাজুলীত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাট অভিমুখে গৈ থকা এখন যাত্ৰীবাহী নাৱৰ পৰা এজন ব্যক্তিয়ে হঠাৎ ব্ৰহ্মপুত্ৰত জাঁপ দিয়া বুলি জানিব পৰা গৈছে।
ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰ অভিযান চলাবলৈ SDRFৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে।
ব্যক্তিজনৰ পৰিচয় এতিয়াও স্পষ্ট হোৱা নাই বুলি জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰকাৰী দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰাৰ পিছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল