নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ কনভয় দুর্ঘটনাগ্রস্ত

বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : আজি দুপৰীয়া জাগীৰোডত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ কনভয় দুর্ঘটনাগ্রস্ত হোৱাত কেইবাজনো লোক আহত হয়৷ ৩৭নং ৰাষ্ট্রীয় পথত উৰণ সেতুৰ ওপৰত সংঘটিত দুর্ঘটনাটোত মন্ত্রীগৰাকীৰ বাহনখনৰ কোনো ক্ষতি হোৱা নাই যদিও কনভয়ত থকা কেইবাখনো বাহন কম–বেছি পৰিমাণে ক্ষতিগ্রস্ত হয়৷ মন্ত্রীগৰাকী সম্পূর্ণৰূপে সুৰক্ষিত বুলি জানিব পৰা গৈছে৷ তাৰ বিপৰীতে কনভয়ত থকা এজন গাড়ীচালকসহ তিনিজন দেহৰক্ষী আঘাতপ্রাপ্ত হয়৷ গুৱাহাটীৰ পৰা কাজিৰঙালৈ যোৱাৰ পথত এই দুর্ঘটনা হয়৷ আহত হয় পোনাৰাম হাবিলদাৰ, ৰাতুল কুমাৰ ডেকা, গুণজিত বড়ো আৰু চালক কাচেম আলী৷ জাগীৰোডৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত প্রাথমিক চিকিৎসা প্ৰদান কৰা হয় আহতসকলক৷ দুর্ঘটনাত পতিত বাহন চাৰিখনৰ দুখন ইন’ভা, এখন ছুইফ্ট ডিজায়াৰ আৰু এখন জীপ৷ ইয়াৰে এখন ইন’ভাৰ নম্বৰ এ এছ-০১ ইজে-৮০০৪, জীপখনৰ নম্বৰ এ এছ-০১ বি আৰ-০০৯৪৷

You might also like