নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহত ৫০জন, শেষকৃত্যত ২০জনহে উপস্থিত থাকিব পাৰিব

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ  সমগ্র দেশতে আৰম্ভ হ’ব নতুন কিছু শিথিলতাৰে আনলক–৩৷ অৱশ্যে অসমত সেই শিথিলতাসমূহ এতিয়াই সম্পূর্ণ ৰূপত প্রযোজ্য নহ’ব৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে প্রকাশ কৰা অনুসৰি অহা ১৫ আগষ্ট পর্যন্ত ৰাজ্যখনত বর্তমানৰ কঠোৰতাসমূহ বাহাল থাকিব৷ পৰিস্থিতি ক্রমাৎ উন্নত হোৱাৰ পৰিপ্রেক্ষিততে অহা ১৫ আগষ্ট পর্যন্ত বর্তমানৰ কঠোৰতাসমূহ ৰাজ্যখনত বাহাল ৰাখিব বিচৰা হৈছে৷ সেই অনুসৰি আন্তঃজিলা যাতায়াত, শনি আৰু দেওবাৰে চহৰাঞ্চলত লকডাউন আৰু নৈশ সান্ধ্য আইন বাহাল থকাটো নিশ্চিত হৈ পৰিছে৷ ব্যায়ামাগাৰসমূহো অহা ১৫ আগষ্টলৈ বন্ধ থকাৰ পূর্ণ সম্ভাৱনা আছে৷

এই সম্পর্কত  এখন সংবাদ মেলত ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই কয় যে কেন্দ্রীয় চৰকাৰৰ আনলক–৩ সম্পর্কত ৰাজ্যৰ মুখ্য সচিবে স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি অহা ২–৩ আগষ্টৰ ভিতৰত নতুন নির্দেশনা ৰাজহুৱা কৰিব৷ এইক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলোচনা কৰি সেই বিষয়ে স্থিৰ সিদ্ধান্ত গ্রহণ কৰিব৷ ইপিনে, ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত–সচিব ড০ এম অংগমুথুৱে আজি এক নির্দেশযোগে এই সময়ছোৱাত চৰকাৰী–বেচৰকাৰী কার্যালয়, বিত্তীয় প্রতিষ্ঠান আদিৰ লগতে বিভিন্ন খণ্ডৰ কাম–কাজৰ ক্ষেত্রত কেতবোৰ নির্দেশনা জাৰি কৰিছে৷

সেই অনুসৰি ৰাজহুৱা স্থানকে ধৰি কর্মথলী, যাতায়াতৰ ক্ষেত্রত সম্পূর্ণ মুখমণ্ডল ঢ়াকি ৰখাটো বাধ্যতামূলক৷ ৰাজহুৱা স্থানত প্রত্যেকে ৬ ফুটৰ দূৰত্ব মানি চলিব লাগিব৷ বিবাহ অনুষ্ঠানত সর্বাধিক ৫০গৰাকী আৰু মৃতকৰ অন্ত্যেষ্টিক্রিয়াত সর্বাধিক ২০গৰাকী লোকহে সমৱেত হ’ব পাৰিব৷ কর্মথলীত সকলোৱে সামাজিক দূৰত্ব মানি চলাৰ লগতে থার্মেল স্কেনিং, হাত ধোৱা বা ছেনিটাইজাৰ উপলব্ধ হ’ব লাগিব৷ সেইদৰে দুৱাৰৰ হেণ্ডেলকে ধৰি মানুহৰ সংস্পর্শলৈ অহা স্থানসমূহ সঘনাই ছেনিটাইজেচন কৰিব লাগিব৷ লিফ্টৰ ক্ষেত্রতো সামাজিক দূৰত্ব মানিব লাগিব৷ তদুপৰি এই সময়ছোৱাত ৰাজহুৱা স্থানত থু–পিক পেলোৱা, মাদকদ্রব্য সেৱন, পাণ–গুট্খা, ধঁপাত সেৱন সম্পূর্ণ নিষিদ্ধ কৰা হৈছে৷

You might also like