নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত পৰ্যটকৰ অভূতপূৰ্ব ধল, ভংগ পূৰ্বৰ সকলো অভিলেখ

এইবাৰ পৰ্যটকৰ আগমনে নতুন ইতিহাস ৰচিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ২০২৫-২৬ পৰ্যটন বৰ্ষত এতিয়ালৈকে প্ৰায় ৩.৫০ লাখ দেশী-বিদেশী পৰ্যটকে উদ্যানখন দৰ্শন কৰিছে বুলি বন বিভাগৰ সূত্ৰে প্ৰকাশ পাইছে।

বিশেষকৈ জীপ ছাফাৰীৰ জৰিয়তে দেশী-বিদেশী পৰ্যটকসকলে কাজিৰঙাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছে। বিস্তৃত ঘাঁহনি আৰু জলাশয়ৰ মাজত একেলগে বনৰীয়া হাতী, গঁড় আৰু বনৰীয়া ম’হ দেখা পাই পৰ্যটকসকল আপ্লুত হৈ পৰিছে।

পৰ্যটকৰ এই বৃদ্ধি ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে অত্যন্ত ইতিবাচক বুলি বিবেচিত হৈছে। হোটেল, গাইড আৰু স্থানীয় ব্যৱসায়ীসকলেও ইয়াৰ সুফল লাভ কৰিছে। কাজিৰঙাৰ এই সফলতাই অসমৰ পৰ্যটন উদ্যোগলৈ নতুন গতি প্ৰদান কৰিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী

You might also like