নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনত অকলে যুঁজ দিব নোৱাৰে কংগ্রেছে

কংগ্রেছ বিধায়ক ডাঃ নজৰুল ইছলামৰ মন্তব্য

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ  অহা বছৰত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নির্বাচনত কংগ্রেছ দলে অকলে যুঁজি চৰকাৰ গঠন কৰিব নোৱাৰাৰ কথা অকপটে প্রকাশ কৰিছে দলটোৰ জ্যেষ্ঠ বিধায়ক তথা প্রাক্তন মন্ত্রী  ডাঃ নজৰুল ইছলামে৷ ইয়াৰ বাবেই কংগ্রেছ দলে বর্তমান মহাজোঁট গঠন কৰি অহা নির্বাচনত বিজেপিৰ বিৰুদ্ধে অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি তেওঁ মন্তব্য কৰে৷ বিধায়ক ডাঃ ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে অহা বিধানসভা নির্বাচনত কংগ্রেছে যে অকলে যুঁজিব নোৱাৰে, সেইটো সঁচা কথা৷ তাৰ বাবেই কংগ্রেছে বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহক লৈ মহাজোঁট গঠন কৰিব বিচাৰিছে৷ বর্তমান কংগ্রেছৰ তৰফৰ পৰা বিজেপিবিৰোধী গণতান্ত্রিক, ধর্মনিৰপেক্ষ দলসমূহক মহাজোঁটত চামিল হ’বলৈ আহ্বান জনাই থকা হৈছে৷ অহা নৱেম্বৰ–ডিচেম্বৰ মাহত জোঁটবন্ধন হৈ উঠিব বুলি তেওঁ আশা প্রকাশ কৰে৷ এ আই ইউ ডি এফে ইতিমধ্যে সেই জোঁটবন্ধনৰ আহ্বানৰ প্রতি সঁহাৰি আগবঢ়াইছে৷ চি পি আই, চি পি আই (এম) আদিয়েও সঁহাৰি জনাইছে৷ সাংসদ অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক দলটোকো এই জোঁটবন্ধনত অংশীদাৰ হ’বলৈ আহ্বান জনোৱা হৈছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আছু, যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত গঠন হ’বলগীয়া অসম জাতীয় পৰিষদকো মহাজোঁটত আহিবলৈ আমন্ত্রণ জনাইছে৷ বিজেপিক প্রতিহত কৰাৰ স্বার্থতেই সকলোকে মহাজোঁটত অংশীদাৰ হ’বলৈ আহ্বান জনোৱা হৈছে৷ এই মহাজোঁট গঠন হ’লেই অহা বিধানসভা নির্বাচনত বিজেপি পৰাভূত হোৱাটো এশ শতাংশ নিশ্চিত৷ আনহাতে, সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাৰ সম্পূর্ণ পোষকতা কৰি ডাঃ ইছলামে কয় যে যোৱা বিধানসভা নির্বাচনত এ আই ইউ ডি এফে প্রার্থিত্ব দিয়াৰ বাবেই কংগ্রেছে ২৮টা সমষ্টিত পৰাজিত হ’বলগীয়া হয়৷ যোৱা বিধানসভা নির্বাচনত কংগ্রেছে ২৬টা সমষ্টিত জয়লাভ কৰে৷ এ আই ইউ ডি এফে প্রার্থিত্ব নিদিয়া হ’লে কংগ্রেছে আৰু ২৮টা সমষ্টি লাভ কৰিলেহেঁতেন৷ তেনে অৱস্থাত কংগ্রেছৰ সমষ্টিৰ সংখ্যা ৫৪ হ’লহেঁতেন৷ কংগ্রেছে ৫৪ সমষ্টি লাভ কৰিলে নিশ্চিতভাৱেই চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন৷ কিয়নো ২০০৬ চনৰ বিধানসভা নির্বাচনত কংগ্রেছে ৫৩টা সমষ্টি লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ বাবেই এইবাৰ কংগ্রেছে এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ লগতে বাঁওপন্থী দল, অন্যান্য আঞ্চলিক দলৰে মিলি মহাজোঁট গঠন কৰিব বিচাৰিছে৷ নতুনকৈ আত্মপ্রকাশ কৰা অসম জাতীয় পৰিষদ দলে অহা বিধানসভা নির্বাচনত লাভ কৰিবলগীয়া আসনৰ সংখ্যাৰ প্রসংগত ডাঃ ইছলামে কয় যে তেওঁলোকে কিমানসংখ্যক আসন লাভ কৰিব, এতিয়াই ক’ব নোৱাৰি৷ কাৰণ দলটোৰ নামহে ঘোষণা হৈছে৷ দলটোৱে এতিয়াও পূর্ণাংগ ৰূপত আত্মপ্রকাশ কৰা নাই৷ ইফালে ডাঃ ইছলামে অহা বিধানসভা নির্বাচনতো লাহৰীঘাট সমষ্টিৰ পৰা পুনৰ প্রতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দি কয় যে তেওঁ প্রতিদ্বন্দ্বিতা নকৰাৰ প্রশ্ণই নাহে৷ কাৰণ তেওঁ একেৰাহে লাহৰীঘাট সমষ্টিৰ পৰা ৫টা কার্যকালৰ বাবে বিধায়ক নির্বাচিত হৈছে৷ তিনিটা কার্যকালৰ বাবে তেওঁ মন্ত্রীও হৈছিল৷ এনে অৱস্থাত তেওঁ অহা নির্বাচনতো প্রতিদ্বন্দ্বিতা কৰিব আৰু ৰাইজৰ আশীর্বাদ, মৰম–চেনেহ লাভ কৰি পুনৰ নির্বাচিত হ’ব বুলি ডাঃ ইছলামে কয়৷

You might also like