নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰা আৰক্ষীয়েও পুনৰ সুদখোৰৰ বিৰুদ্ধে চলাইছে অভিযান। কালি নিশা বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীগঞ্জৰ পৰা এজন সুদখোৰক আটক কৰে। আটকাধীন সুদখোৰজনৰ নাম জানিফুৰ ৰহমান ওৰফে ৰকী বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা সুদখোৰজনে অঞ্চলটোত টকা ধাৰলৈ দি উচ্চ হাৰত সুদ আদায় কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। সুদখোৰজনক বিলাসীপাৰা থানাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আজি ৰঙাঘৰলৈ প্ৰেৰণ কৰে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা